সংহতিৰ নিদর্শন (Representation of a Set)
সংহতিবোৰ দুটা পদ্ধতিৰে প্ৰকাশ কৰা হয়। এই পদ্ধতিকেইটা হৈছে
- তালিকাকৰণ পদ্ধতি (Tabular or Roster Method)
- বিধি নির্দিষ্ট পদ্ধতি বা সংহতি গঠক পদ্ধতি (Rule or Set Builder Method)
1. তালিকাকৰণ পদ্ধতি (Tabular or Roster Method) : তালিকাকৰণ পদ্ধতিত আটাইকেইটা উপাদান বন্ধনী { } ৰ ভিতৰত লিখা হয় ।
Example
- যদি a, e, i, o, u উপাদানকেইটা সংহতিৰ অন্তর্ভুক্ত, তেন্তে ইয়াক এনে ধৰণে লিখা হয়, V= {a, e, i, o, u}
- 7 তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতিটো হৈছে, N = {1, 2, 3, 4, 5, 6)
2. বিধি নির্দিষ্ট পদ্ধতি বা সংহতি গঠক পদ্ধতি (Rule or Set Builder Method)
- এই পদ্ধতিত সংহতিৰ মৌলবোৰৰ ধৰ্ম ব্যক্ত কৰা হয়।
Example
- A = {x | x এটা স্বাভাৱিক সংখ্যা <3}
- B = {x | x এটা ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ)
Youtube Channel List
সংহতিৰ বিভিন্ন প্ৰকাৰ (Different kinds of Sets)
ৰিক্ত সংহতি বা খালী সংহতি (Null set or Empty set or Void set)
- এটাও মৌল নথকা সংহতিক ৰিক্ত বা খালী সংহতি বুলি কোৱা হয়। ৰিক্ত সংহতিক সাধাৰণতে ϕ ৰে বা কেৱল বন্ধনীৰে নির্দেশ কৰা হয়।
Example
- 1তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি।
সমান সংহতি (Equal sets)
- দুটা সংহতি A আৰু B ক সমান বুলি কোৱা হয়, যদিহে A ৰ আটাইবোৰ মৌল B ৰ অন্তর্ভুক্ত হয় আৰু B ৰ আটাইবোৰ মৌল A ৰ অন্তর্ভুক্ত হয়। ইয়াক A = B বুলি লিখা হয়।
Example
- A = {a, b, c}, B = (c, b, a) হ'লে A = B
- A = (1, 2, 3), B = (1, 2, 3, 4) হ'লে A ≠ B
একক সংহতি (Singleton set)
- কেৱল এটা মৌল থকা সংহতিক একক সংহতি বোলা হয়।
Example
- (i) 2 তকৈ সৰু স্বাভাবিক সংখ্যাৰ সংহতি।
- (ii) 1 তকৈ সৰু পূর্ণ সংখ্যাৰ সংহতি।
অৰিক্ত সংহতি (Non-empty set)
- যি সংহতি ৰিক্ত বা খালী নহয়, তাকে অৰিক্ত সংহতি বোলা হয়। এই সংহতিত কমেও এটা মৌল থাকে।
সসীম আৰু অসীম সংহতি (Finite and Infinite set)
- যি সংহতিত মৌলৰ গণনা প্রক্রিয়া নিশ্চিতভাবে সমাপ্ত হয়, তাকে সসীম সংহতি বোলা হয়।
Example
- {x: x ∈ N, x<5}
- {x: x ∈ I, x, 100 ৰ এটা উৎপাদক)
অসীম সংহতি (Infinite set)
- অসীম সংখ্যক মৌল থকা সংহতিক অসীম সংহতি বোলা হয়।
Example
- এটা বৃত্তৰ আটাইবোৰ জ্যাৰ সংহতি।
- এটা প্রদত্ত কেন্দ্ৰৰ সৈতে আটাইবোৰ এককেন্দ্ৰিক বৃত্তৰ সংহতি।
এটা সসীম সংহতিব মৌল সংখ্যা (Cardinal number of a finite set)
- A সংহতিত থকা নির্দিষ্ট সংখ্যক মৌলক মৌল সংখ্যা বুলি কোৱা হয়। এই সংখ্যাটোক n(A) ৰ নির্দেশ কৰা হয়।
Example
- A = {1, 2, 3, 4} সসীম সংহতিটোৰ ক্ষেত্ৰত n(A) = 4
- যদি A = (2, 4, 6, 8, 10} হয়, তেন্তে n(A) = 5
সমতুল্য সংহতি (Equivalent sets)
- দুটা সসীম সংহতি A আৰু B ক সমতুল্য বুলি কোৱা হয়, যদিহে সিহঁতৰ সমান সংখ্যক মৌল থাকে। স্পষ্টভাৱে, সমান সংহতিবোৰ সমতুল্য, কিন্তু সমতুল্য সংহতিবোৰ সমান হোৱাৰ প্রয়োজন নাই।
প্রকৃত উপসংহতি (Proper subsets)
- যদি A⊆B আৰু A# B তেন্তে A ক B ৰ প্রকৃত উপসংহতি বুলি কোৱা হয় আৰু ইয়াক A⊂B বুলি লিখা হয়। এই ক্ষেত্ৰত B ৰ কমেও এটা উপাদান A ৰ অন্তর্ভুক্ত নহয়।
Example
- A = {1, 2, 3}, B = {1, 2, 3, 4}
সার্বিক সংহতি (Universal set)
- কেতিয়াবা এনেকুৱাও ঘটে যে আলোচনাৰ অন্তর্গত আটাইবোৰ সংহতিক এক নির্দিষ্ট অধিসংহতিৰ উপসংহতি হিচাপে বিবেচনা কৰা হয়। এনে সংহতিক সার্বিক সংহতি বুলি কোৱা হয়। সার্বিক সংহতিক সাধাৰণতে U ৰে প্ৰকাশ কৰা হয়।
Example
- যদি A = {1, 2, 3}, B = {2, 3, 5} আৰু C = {6,8,9} তেন্তে U = {1, 2, 3, 5, 6, 8, 9) হৈছে সার্বিক সংহতি।
ঘাত সংহতি (Power set)
- A সংহতিৰ আটাইবোৰ উপসংহতিৰ দ্বাৰা গঠিত সংহতিৰ শ্রেণীটোক A ব ঘাত সংহতি বুলি কোৱা হয়। ইয়াক P(A) প্রতীকেৰে বুজোৱা হয়।
Example
- যদি A = (a, b), তেন্তে P(A) = {ϕ, {a}, {b}, A}
পূৰণ বিধি
- U/ = {x ∈ U : x ∉ U} = ϕ
- ϕ/ = {x ∈ U : x ∉ ϕ} = U
- (A/)/ = {x ∈ U : x ∉ A/} = {x ∈ U : x ∈ A} = A
- AUA/ = {x ∈ U : x ∈ A} ∪ {x ∈ U : x ∉ A} = U
- A∩A/ = {x ∈ U : x ∈ A} ∩ {x ∈ U : x ∉ A} = ϕ
সংহতিৰ বীজগণিত
বৰ্গসম বিধি (Indempotent Laws)
তৎসম বিধি (Identity Laws)
বিনিময় বিধি (Commutative Laws)
সন্মিলন বিধি (Associative Laws)
- (A∪B)∪C = A∪(B∪C)
- (A∩B)∩C = A∩(B∩C)
বিতৰণ বিধি (Distributive Laws)
- A∪(B∩C) = (A∪B)∩(A∪C)
- A∩(B∪C) = (A∩B)∪(A∩C)
ডি মৰ্গানৰ বিধি (De Morgan's Laws)
- (A∪B)/ = A/∩B/
- (A∩B)/ = A/∪B/
দুটা সংহতিৰ মিলনত থকা মৌলৰ সংখ্যা উলিয়াব লাগে
- n(A) = n(A-B) + n(A∩B)
- n(A-B) = n(A) - n(A∩B)
- n(B) = n(B-A) + n(A∩B)
- n(B-A) = n(B) - n(A∩B)
- n(A∪B) = n(A) + n(B) - n(A∩B)
- n(A∪A/) = n(A) + n(A/)
- n(A\B) = n(A) - n(A∩B)
- n(B\A) = n(B)- n(A∩B)
- n(A/) = n(U) - n(A)
Assam TET ফালৰ পৰা দশম শ্ৰেণীৰ বিষয়বোৰ আৰু অসমীয়া মাধ্যমত