1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেবল ব্যাপন প্রক্রিয়াৰে আহৰণ কৰি লোৱাতো কিয় পর্যাপ্ত নহয় ?
Ans : মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ দেহটোবহুতো কোষেৰে গঠিত । এইকোষবোৰে সম্পন্নকৰাকামবোৰৰ বাবে বহুপৰিমাণে শক্তিলাগে, এইশক্তিউৎপন্ন কৰিবলৈযথেষ্ট পৰিমাণে অক্সিজেনৰ প্ৰয়োজন। সেইবাবে ব্যাপণ প্রক্রিয়াবে আহৰণকৰাঅক্সিজেন বহুকোষীয় জীবৰ বাবে পর্যাপ্ত নহয়।
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীর জীবিত নে মৃত তাক ঠাৱৰ কৰিম ?
Ans : আমি শ্বসনৰ ওপৰত ভিত্তি কৰি কোনো এটা জীর জীবিত নে মৃত তাক ঠাৱৰ কৰিব পাৰি।
3. জীৱৰ বাবে প্রয়োজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰি লয় ?
Ans : পৰপাতেযী জীৱবাৰে অক্সিজেন আৰু খাদ্য বাহিৰৰ পৰা আহৰণ কৰে। আনহাতে, স্বপাযেীয় জীৱবাণেৰে কাৰ্বন - ডাই - অক্সাইড আৰু পানী, খনিজ লৱণ পৰিৱেশৰ পৰা আহৰণ কৰে।
4. জীৱৰ জীৱন বর্তি থাকিবলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা ?
Ans : সকলো জীরদেহতে জীয়াই থাকিবৰ বাবে কিছুমান বিশেষ প্রক্রিয়া অনবৰত চলি থাকে। এই বিশেষ প্রক্রিয়াবোৰ হল পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদি। গতিকে জীর এটা সুস্থ হৈ বর্তি থাকিবলৈ এই গোটেইবোৰ প্ৰক্ৰিয়াক সচল থাকিব লাগিব।
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved