Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

জীৱন প্ৰক্ৰিয়াৰ (Life Process) প্রশ্নোত্তৰ - 3

1. শ্বাস প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি ?

Ans : স্থলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপতীয়াকৈ অক্সিজেন গ্রহণ কৰিব পাৰে, কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্রবীভূত অক্সিজেনহে শোষণ কৰে। যিহেতু পানীত মিহলি হৈ থকা অক্সিজেন পৰিমাণ বায়ুত থকা অক্সিজেনতকৈ কম। সেয়েহে শ্বাস প্রশ্বাসত জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা বেছি।

 

2. কি কি প্ৰথাৰে জীবদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয় ?

Ans : জীৱৰ গ্লুক'জৰ পৰা নিৰ্গত শক্তিৰ বিভিন্ন পদ্ধতিবোৰ হ'ল - 

কিছুমান জীৱই অক্সিজেনৰ উপস্থিতি আৰু কিছুমানে অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ অণু সম্পূর্ণভাবে ভাঙি কার্বন - ডাই -অক্সাইড আৰু পানী সৃষ্টি কৰে। এনে যিকোনো প্রক্রিয়াৰ ক্ষেত্ৰত প্ৰথমে ছটা কার্বনযুক্ত গ্লুক'জ অণু ভাঙি তিনিটা কার্বন অণুযুক্ত পাইৰুভেত অণুৰ সৃষ্টি হয়। এই প্রক্রিয়াটো সংঘটিত হয় কোষৰ কোষপ্রৰসত। পাছত এই পাইৰুভেত্ অণুৰ পৰা ইথাইল এলকহ'ল আৰু কার্বন - ডাই - অক্সাইড সৃষ্টি হয়। এনে পৰিঘটনা অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱাৰ কাৰণে এনেধৰণৰ শ্বসন প্রক্রিয়াক অবাত শ্বসন বোলা হয়।

কোষৰ মাইট'কন্ড্রিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেত অণু ভাঙি যায়। এই প্রক্রিয়াত তিনিটা কার্বনযুক্ত পাইৰুভেত্ অণু ভাঙি তিনিটা কার্বন - ডাই - অক্সাইড অণুৰ সৃষ্টি হয়। এই প্রক্রিয়াত পানী সৃষ্টি হয়। যিহেতু এই প্রক্রিয়াটো অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়, সেইকাৰণে ইয়াক সবাত শ্বসন বুলি কোৱা হয়। কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে পাইৰুভেত্ অণু ভাঙি লেকটিক এছিডলৈ পৰিৱৰ্তন হয়।

লেকটিক এছিড তিনিটা কার্বন অণুযুক্ত। পেশীকোষত লেকটিক এছিড উৎপন্ন হলে হঠাৎ কেতিয়াবা আমাৰ পেশীত শিৰামূৰি ধৰে।

 

3. মানুহৰ দেহত অক্সিজেন আৰু কার্বন - ডাই - অক্সাইড কেনেকৈ পৰিবহণ হয় ?

Ans : মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থৰ নাম হিম'গ্লবিন ইয়াৰ অক্সিজেনৰ প্রতি আসক্তি বেছি। হিম'গ্লবিনে অক্সিজেনৰ লগত লগ লাগি অক্সিহিম'গ্লবিন উৎপন্ন কৰে। এনেদৰে হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংশ কোষসমূহলৈ অক্সিজেন পৰিবহণ কৰে। আনহাতে অক্সিজেনতকৈ কার্বন - ডাই - অক্সাইডৰ  দ্ৰৱণীয়তা পানীত বেছি। সেইবাবে ই শৰীৰৰ বিভিন্ন অংশৰ কোষৰ পৰা তেজৰ জৰিয়তে হাওঁফাওঁলৈ আহে। সেয়েহে অক্সিজেন আৰু কার্বন - ডাই - অক্সাইডৰ পৰিবহণত তেজে গুৰুত্বপূর্ণ ভূমিকা লয়।

 
4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে ?

Ans : মানুহৰ হাওঁফাওঁত কিছুমান বেলুন আকৃতিৰ গঠন থাকে। এইবাৰেক বায়ুকূপ বােেল। বায়ুকুপৰ মানোবাৰেৰ বেৰ অত্যন্ত পাতল আৰু ইহঁত আৱৰণী কলাৰে গঠিত। সেইবাবে ইয়াৰ মাজেৰে সহজে গেছ চলাচল হ'ব পাৰে। প্রত্যেক বায়ুকোষৰ বাহিৰৰফালে একোখন অতি ঘন ৰক্তজালিকা থাকে আৰু সেই বক্তজালিকা গঠন কৰা বেৰখন অতি পাতল। সেইবোৰৰ মাজেদি গেছ সহজে অহা যোৱা কৰিব পাৰে।

Share this post

Explore Our Categories

Follow us on

Related Posts

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved