Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ Making Questions Part - 1

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

NCERT Class 10 : General Science (সাধাৰণ বিজ্ঞান)

     Explore NCERT Class 10 General Science (সাধাৰণ বিজ্ঞান) with chapter-wise solutions, notes, and study materials in Assamese. This comprehensive guide covers Physics, Chemistry, and Biology concepts to help you prepare for board exams, competitive exams, and daily learning. Stay ahead with solved exercises, key points, and conceptual understanding in your preferred language.

 

NCERT Class 10 Science Chapter and Solutions

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 

 

1. ৰাসায়নিক বিক্রিয়া কি ?

  • যেতিয়া পদার্থ এটাত ৰাসায়নিক পৰিবর্তন সংঘটিত হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্রিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদার্থবিধৰ ৰাসায়নিক ধর্ম আৰু সংযুতি সলনিৰে নতুন পদার্থৰ সৃষ্টি হয়।

 

2. ৰাসায়নিক সমীকৰণ কাক বোলে ?

  • ৰাসায়নিক বিক্রিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্রমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্রিয়া এটাক প্রতীকাত্মকভারে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে।

 

3. অসন্তুলিত বা জঁকা সমীকৰণ কি ?

  • যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্রিয়াৰ আগত আৰু বিক্রিয়াৰ পাছত প্রতিটো মৌলৰ পৰামাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক এঁকা বা অসন্তুলিত সমীকৰণ বোলে।

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

4. সন্তুলিত সমীকৰণ কি ?

  • যেতিয়া কোনো ৰাসায়ানিক সমীকৰণত বিক্রিয়াৰ আগত আৰু বিক্রিয়াৰ পাছত প্রতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে।

 

5. বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদার্থবিধ কি ? বিক্রিয়াৰ সন্তুলিত সমীকৰণ লিখা।

  • মেগনেছিয়াম অক্সাইড (MgO)
  • 2Mg + O2 -------→ 2MgO

 

6. সংযোজন বিক্রিয়া কাক বোলে ?

  • যি ৰাসায়নিক বিক্রিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে, তাক সংযোজন বিক্রিয়া বোলে।

 

 

7. এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

  • C + O2 --------→ CO2

 

৪. কেলছিয়াম অক্সাইডে তীব্রভাবে পানীৰ লগত বিক্রিয়া কৰি শিথিলিত চুন (কেলছিয়াম হাইড্রক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা।

  • CaO + H2O  ------→ Ca(OH)2 + তাপ
  • বিক্রিয়াৰ প্ৰকাৰ : সংযোজন

 

9. বিযোজন বিক্রিয়া কাক বোলে ?

  • যি ৰাসায়নিক বিক্রিয়াত এটাই মাত্র বিক্রিয়ক পদার্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে।

 

10. এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

 

11. ক'লা - বগা ফটোগ্রাফীত ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

12. পানীৰ বিদ্যুৎ-বিশ্লেষণৰ ফলত কি উৎপন্ন হয়? বিক্রিয়াৰ সন্তুলিত সমীকৰণ আৰু প্ৰকাৰ উল্লেখ কৰা।

 

13. তাপীয় বিয়োজন বিক্রিয়া কি ?

  • তাপৰ প্ৰভাৱত কোনো বিক্রিয়ক পদার্থ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থলৈ ভাঙি গ'লে, তেনে বিক্রিয়াক তাপীয় বিযোজন বিক্রিয়া বোলে।

 

14. এটা তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

 

15. অপসৰণ বিক্রিয়া কাক বোলে ?

  • যি ৰাসায়নিক বিক্রিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কবে, তাক অপসাৰণ বিক্রিয়া বোলে।

 

16. এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

  • Fe + CuSO4 ------→ FeSO4 + Cu

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ MCQ Test

MCQ Test - 1 Click Here
MCQ Test - 2 Click Here
MCQ Test - 3 Click Here
MCQ Test - 4 Click Here
MCQ Test - 5 Click Here

 

17. দ্বিঅপসৰণ বিক্রিয়া কাক বোলে ?

  • যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘাঁট বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসনণ বিক্রিয়া বোলে।

 

18. এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

  • Na2SO4 + BaCl₂  ------→ BaSO4 + 2NaCI

 

19. জাৰণ বিক্রিয়া কি ?

  • যি ৰাসায়নিক বিক্রিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্র'জেন হেৰুৱায়, তাক জাৰণ বিক্রিয়া বোলে।

 

20. এটা জাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

 

NCERT Class 10 in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

21. বিজাৰণ বিক্রিয়া কি ?

  • যি ৰাসায়নিক বিক্রিয়াত কোনো এটা পদার্থই হাইড্র'জেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্রিয়া বোলে।

 

22. এটা বিজাৰণ বিক্রিয়াৰ উদাহৰণ দিয়া।

 

23. জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়া কি ?

  • যি ৰাসায়নিক বিক্রিয়াত এটা পদার্থ জাৰিত হওঁতে আনটো পদার্থ একে সময়তে বিজাৰিত হয়, তাক জাৰণ - বিজাৰণ বা ৰেডক্স বিক্রিয়া বোলে।

 

24. এটা ৰেডক্স বিক্রিয়াৰ উদাহৰণ দিয়া।

25. ক্ষয়ীভৱন কাক বোলে ?

  • যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্রান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে। আৰু এই প্রক্রিয়াক ক্ষয়ীভরন বোলে।

 

26. ৰেণচিডিটি বা দুর্গদ্ধিতা কি ?

  • যেতিয়া তেল আৰু চর্বীযুক্ত খাদ্যবস্তু জাৰিত হয়, তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে ৰেণচিডিটি বা দুর্গদ্ধিতা বোলে।

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

 

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved