Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ Making Questions Part - 2

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

NCERT Class 10 : General Science (সাধাৰণ বিজ্ঞান)

     Explore NCERT Class 10 General Science (সাধাৰণ বিজ্ঞান) with chapter-wise solutions, notes, and study materials in Assamese. This comprehensive guide covers Physics, Chemistry, and Biology concepts to help you prepare for board exams, competitive exams, and daily learning. Stay ahead with solved exercises, key points, and conceptual understanding in your preferred language.

 

NCERT Class 10 Science Chapter and Solutions

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 
 

1. এটা পৰীক্ষানলত লেড নাইট্রেট দ্রৱ লৈ তাত পটাছিয়াম আয়'ডাইডৰ দ্ৰৱ যোগ কৰা। তুমি কি দেখিবা ?

  • পৰীক্ষানলত হালদীয়া বৰণৰ অধঃক্ষেপ সৃষ্টি হোৱা দেখা যাব।

 

2. এটা পৰীক্ষানলত লেড নাইট্রেট দ্ৰৱ লৈ তাত পটাছিয়াম আয়'ডাইডৰ দূর যোগ কৰিলে সংঘটিত হোৱা বিক্রিয়াটো লিখা।

Pb(NO3)2+ 2KI  ------→ PbI2 + 2KNO3

 

3. এটা পৰীক্ষানলত যিংকৰ কেইটামান দানা লৈ তাত লঘু ছালফিউৰিক এছিড যোগ কৰিলে সংঘটিত হোৱা বিক্রিয়াটো লিখা।

  • Zn + H2SO4 -----→ ZnSO4 + H2

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

4. এটা পৰীক্ষানলত যিংকৰ কেইটামান দানা লৈ তাত লঘু হালফিউৰিক এছিড যোগ কৰিলে পৰীক্ষানলত বুৰবুৰণিৰ সৃষ্টি হোৱা দেখা যাব। এই বুৰবুৰণি কি গেছৰ ?

  • হাইড্রজেন

 

5. এটা শুষ্ক উতলন নলীত ফেৰাছ ছালফেটৰ স্ফটিক কিছুমান লৈ তপতালে ফেৰাছ ছালফেটৰ স্ফটিকৰ বৰণ কেনেদৰে সলনি হ'ব ?

  • সেউজীয়া বৰণৰ ফেৰাছ ছালফেট স্ফটিকবোৰৰ বৰণ বগালৈ পৰিণত হ'ব।

 

6. ফেৰাছ ছালফেটৰ স্ফটিক কিছুমান উত্তলন নলীত উতলালে ফেৰাছ ছালফেটৰ বিযোজনৰ ফলত উৎপন্ন হোৱা পদার্থবোৰ কি ?

  • ফেবিক অক্সাউড, ছালফাৰ ডাই অক্সাইড আবু ছালফাৰ ট্রাইঅক্সাইড।

 

8. লেড নাইট্রেট পাউদাৰ এটা উত্তলন নলীত লৈ গৰম কৰিলে এবিধ মুগা বৰণৰ গেছ নির্গত হোৱা দেখা যায়। গেছবিধ চিনাক্ত কৰা।

  • নাইট্রজেন ডাই অক্সাইড

 

9. লেড নাইট্রেটৰ বিযোজন ঘটিলে কি কি পদার্থ উৎপন্ন হয় ?

  • লেড অক্সাইড, নাইট্র'জেন ডাই অক্সাইড আৰু অক্সিজেন

 

 

10. লেড নাইট্রেট পাউদাৰ তপতালে সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়াটো লিখা।

  • 2Pb(NO3)2  -----→  2P6O + 4NO2 + O2

 

11. কপাৰ ছালফেটৰ দ্ৰৱত আইৰণৰ গজাল ডুবালে কপাৰ ছালফেটৰ নীলা বৰণ কিয় সলনি হয় ?

  • ফেৰাছ ছালফেটৰ উৎপাদনৰ বাবে।

 

12. কপাৰ ছালফেটৰ দ্ৰৱত আইৰণৰ গজাল ডুবালে গজালৰ বৰণ কিয় মুগা হৈ পৰে ?

  • বিক্রিয়াত উৎপন্ন হোৱা কপাৰ আইৰণৰ গজালৰ পৃষ্ঠত অৱক্ষিপ্ত হোৱা বাবে।

 

13. কপাৰ ছালফেটৰ দ্ৰৱত লোৰ গজাল ডুবালে সংঘটিত হোৱা বিক্রিয়াটো লিখা।

  • Fe + CuSO4 -----→ FeSO2 + Cu

 

14. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল'ৰাইড লৈ ইয়াক সূর্যৰ পোহৰত ৰাখা। ছিলভাৰ ক্ল'ৰাইডৰ ৰং কি হ'ব ?

  • মটীয়া

 

15. সূর্যৰ পোহৰত ৰাখিলে ছিলভাব ক্ল'ৰাইডত সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়াৰ সন্তুলিত সমীকৰণ লিখা।

 

16. সূর্যৰ পোহৰত এখন চীনামাটিৰ থালত হালধীয়া বৰণৰ অলপমান ছিলভাৰ ব্ৰ 'মাইড ৰাখিলে কি ঘটিব ?

  • সূর্যৰ পোহৰৰ দ্বাৰা ছিলভাৰ ব্ৰ'মাইডৰ বিযোজন ঘাঁটি ছিলভাৰ আৰু ব্র'মিন উৎপন্ন হ'ব।

 

17. সূৰ্যৰ পোহৰত ছিলভাৰ ব্ৰ 'মাইডত সংঘটিত বিক্ৰিয়াৰ সমীকৰণ লিখা।

2AgBr সূৰ্যৰ পোহৰ/Sunlight

2Ag+Br,

18. পানীৰ বিদ্যুৎ বিশ্লেষণ প্রক্রিয়াত পানীৰ লগত কেইটোপালমান লঘু হালফিউৰিক এছিড কিয় যোগ কৰা হয় ?

  • কাৰণ বিশুদ্ধ পানী বিদ্যুতৰ কুপৰিবাহী। সেয়েহে পানীত এছিড যোগ কৰিলে এছিডব আয়নবোৰে পানীৰ মাজেৰে বিদ্যুৎ পরিবহন হোৱাত সহায় কৰে।

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

19. এটা পৰীক্ষানলত 3ml মান ছ'ডিয়াম ছালফেটৰ দ্ৰৱ লৈ তাত 3ml মান বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ যোগ কৰা । তুমি কি দেখিবা ?

  • এটা বগা অধঃক্ষেপ সৃষ্টি হোৱা দেখা যাব।


20. ছ'ডিয়াম ছালফেট দ্ৰৱত বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

  • Na2SO4 + BaCl2 ------→ BaSO4 + 2NaCl

 

21. চীনামাটিৰ থাল এখনত 1g কপাৰ পাউদাৰ লৈ গৰম কৰা। কপাৰ পাউদাৰৰ বৰণ কেনেকুৱা হ'ব ?

  • ক'লা

 

22. চীনা মাটিৰ খাল এখনত কপাৰ পাউদাৰ লৈ তাক গৰম কৰিলে সংঘটিত হোৱা বিক্রিয়াটো লিখা।

 

23. ধাতুৰ ক্ষয়ীভৱনৰ এটা উদাহৰণ দিয়া।

  • লোৰ সামগ্রীত মামৰে ধৰা।

 

24. চূর্ণশিল উত্তপ্ত কৰিলে কি হয় ?

  • চুলশিলৰ বিযোজন ঘাঁটি পোৰা চূণ আৰু কার্বন - ডাই - অক্সাইড উৎপন্ন হয়।

 

25. চূর্ণশিল উত্তপ্ত কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়াটো লিখা।

 

26. পানীৰ বিদ্যুৎ বিশ্লেষণৰ লগত জড়িত ৰাসায়নিক বিক্রিয়াটো লিখা।

 

27. প্রাকৃতিক গেছ দহন কৰিলে কি ঘটে ?

  • কার্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়।

 

28. প্রাকৃতিক গেছ বায়ুত দহন কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়াটো লিখা।

  • CH4 + O2 ------→ CO₂ + 2H2O + তাপ আৰু পোহৰ

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ MCQ Test

MCQ Test - 1 Click Here
MCQ Test - 2 Click Here
MCQ Test - 3 Click Here
MCQ Test - 4 Click Here
MCQ Test - 5 Click Here

 

29. বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় ?

  • সাধাৰণ উষ্ণতাত মেগনেছিয়ামে বায়ুৰ অক্সিজেনৰ লগত বিক্রিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। অক্সাইডৰ এই প্ৰতিৰোধী আৱৰণীখনে মেগনেছিয়ামক পুনৰাই বায়ুত জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। সেয়েহে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে।

 

30. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছডিয়াম ছালফেট জলীয় দ্রৱই বিক্রিয়া কৰি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্রস্তুত কৰে

  • BaCl2(aq) + Na2SO2 (aq) ------→ BaSO2 (s) + 2NaCl

 

(ii) ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্র' ক্লৰিক এচিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইডৰ দ্রৱ আৰু পানী উৎপন্ন কৰে।

  • NaOH(aq) + HCl(aq) ------→ NaCl (aq)+ H2O(1).

 

31. এটা পদার্থ X ৰ দ্ৰৱক বগা বং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদার্থ 'X' অব নাম লিখা আৰু সংকেত লিখা। 

  • কেলছিয়াম অক্সাইড, CaO

 

NCERT Class 10 in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

32. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।

  • Cu + 2AgNO3  -------→ Cu(NO3)2 + 2Ag

 

33. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

  • লোই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্প লগত বিক্রিয়া কৰি মামৰ উৎপন্ন কবে আৰু এনেদবে ক্ষয়প্রাপ্ত হয়। সেয়েহে লোক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লোব বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়।

 

34. তেল আৰু চৰি থকা খাদ্য বস্তু নাইট্ৰ'জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

  • কাৰণ নাইট্রি'জেন এবিধ প্রতিজাৰক পদার্থ, যিয়ে তেল আৰু চর্বী থকা খাদ্যবস্তুক জাৰিত হোৱাৰ পৰা ৰক্ষা কৰি সিহঁতক ৰেনচিডিটিৰ পৰা ৰক্ষা কৰে।

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved