Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ Making Questions Part - 3

SEBA দশম শ্ৰেণীৰ বিজ্ঞানৰ 'ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ' অধ্যায় 1 থকা প্ৰশ্নাৱলীৰ অসমীয়া মাধ্যমৰ সমাধান। এই সমাধানত সংযোজন, বিযোজন, অপসৰণ, আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণসহ সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ অন্তৰ্ভুক্ত। বিস্তারিত সমাধানৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকত ক্লিক কৰক।

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি
     
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

 

 

 

 

 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা

 

অধ্যায় 1 : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Making Questions


 

1. মেগনেছিয়াম ফিটা এটা জ্বলালে উৎপন্ন হোৱা বগা পাউদাৰ খিনিৰ নাম কি ? ইয়াৰ সংকেত লিখা | 

  • মেগনেছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত - MgO

 

2. মেগনেছিয়াম ফিটা এডাল জ্বলালে কেনেকুৱা শিখাৰে জ্বলে উৎপন্ন হোৱা পাউদাৰ খিনিৰ ৰং কেনেকুৱা ?

  • উজ্বল বগা শিখাৰে জ্বলে আৰু উৎপন্ন হোৱা পাউদাৰ খিনিৰ ৰং বগা |


3. ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই তাক তুমি কেনেকৈ জানিৱা ?

  • ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই তাক জানিবলৈ আমি তলত দিয়া পৰিৱৰ্তনবোৰ লক্ষ্য কৰিম
    i. অৱস্থাৰ পৰিৱৰ্তন
    ii. ৰঙৰ পৰিৱৰ্তন
    iii. গেছৰ উৎপত্তি
    iv. উষ্ণতাৰ পৰিৱৰ্তন
    v. অধঃক্ষেপন গঠন

 

4. ৰাসায়নিক সমীকৰণ কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া

  • ৰাসায়নিক বিক্ৰিয়া এটাত অংশ গ্ৰহণ কৰা পদাৰ্থ বোৰ চিহ্ন আৰু সংকেতৰ সহায়ত উপস্থাপন কৰিলে তাক ৰাসায়নিক সমীকৰণ  ইয়াক শব্দ ৰূপত প্ৰকাশ কৰিলে তাক শব্দ সমীকৰণ বুলি কোৱা হয়

উদাহৰণ -
2Mg + O2 ⟶ 2MgO

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

5. বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ  কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া

  • ৰাসায়নিক সমীকৰণ এটাত কাঁড় চিনৰ বাওঁফালৰ পদাৰ্থ বোৰক বিক্ৰিয়ক পদাৰ্থ বোলে আৰু কাঁড় চিনৰ  সোঁফালৰ পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বোলে |

উদাহৰণ -

 

6. সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া

  • যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

উদাহৰণ -
i. H2 + Cl2 → 2HCl

ii. 2Mg + O2 ⟶ 2MgO

 


7. অসন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া

  • যি ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান নাথাকিলে তাক অসন্তুলিত ৰাসায়নিক সমীকৰণ বা জঁকা  ৰাসায়নিক সমীকৰণ বোলে।

উদাহৰণ -
i. H2 + Cl2 → HCl

ii. Mg + O2 ⟶ MgO

 

8. ৰাসায়নিক বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া

  • দুটা বা ততোধিক পদাৰ্থ ৰাসায়নিক ভাবে মিলিত হৈ নাইৱা এটা পদাৰ্থ ভাঙি দুটা বা ততোধিক ভিন্ন ভৌতিক তথা ৰাসায়নিক ধৰ্ম বিশিষ্ট নতুন পদাৰ্থ ৰ সৃষ্টি কৰা প্ৰক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়া বোলে

উদাহৰণ -
Mg + O2 ⟶ MgO

 

9. ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য় লিখা |

  • ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই তাক জানিবলৈ আমি তলত দিয়া পৰিৱৰ্তনবোৰ লক্ষ্য কৰিম
    i. অৱস্থাৰ পৰিৱৰ্তন
    ii. ৰঙৰ পৰিৱৰ্তন
    iii. গেছৰ উৎপত্তি
    iv. উষ্ণতাৰ পৰিৱৰ্তন
    v. অধঃক্ষেপন গঠন

 

 

10. সংযোজন বিক্ৰিয়া  কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকেই সংযোজন বিক্ৰিয়া বোলে

উদাহৰণ -
i. C + O2 ⟶ CO2

ii. Mg + O2 ⟶ MgO

 


11. বিযোজন বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিক্ৰিয়াত তাপ, পোহৰ বা বিদ্যুৎ শক্তিৰ উপস্থিতিত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকেই বিযোজন বিক্ৰিয়া বোলে

উদাহৰণ -

 


12. বিয়োজন বিক্ৰিয়াৰ প্ৰকাৰ কেইপ্ৰকাৰ আৰু কি কি লিখা |

  • i. তাপীয় বিয়োজন বিক্ৰিয়া
    ii. আলোক বিয়োজন বিক্ৰিয়া
    iii. বিদ্যুৎ বিশ্লেষণ  বিয়োজন বিক্ৰিয়া

 


13. তাপীয় বিয়োজন বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োজন কৰি ঘটোৱা হয় তাক তাপীয় বিয়োজন বিক্ৰিয়া বোলে

উদাহৰণ -

 

14. আলোক বিয়োজন বিক্ৰিয়া বা আলোক বিশ্লেষণ কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিয়োজন বিক্ৰিয়াত পোহৰ প্ৰয়োগ কৰি ঘটোৱা হয় তাক আলোক বিয়োজন বিক্ৰিয়া বা আলোক বিশ্লেষণ বোলে

উদাহৰণ -

 

15. বিদ্যুৎ বিশ্লেষণ  বিয়োজন বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিয়োজন বিক্ৰিয়া বিদ্যুৎ প্ৰয়োগ কৰি ঘটোৱা হয় তাকে বিদ্যুৎ বিশ্লেষণ  বিয়োজন বিক্ৰিয়া বোলে

উদাহৰণ -

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

16. তাপবৰ্জী বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগত তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে।

উদাহৰণ -
CH4(g) + 2O2(g) → CO2(g) + 2H2O(g)

 

17. তাপগ্রাহী বিক্রিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিক্ৰিয়া সংঘটিত হঁওতে তাপ, পোহৰ নাইবা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় অৰ্থ্যাৎ শক্তি শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

উদাহৰণ -

 

18. জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় তেনেবোৰ বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে।

উদাহৰণ -

 

19. অধঃক্ষেপণ বিক্রিয়া  কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে।

উদাহৰণ 一
AgNO3 → AgCl↓ + NaNO3

 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত Click

 

20. অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বুলিলে কি বুজা ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে |
  • অধঃক্ষেপৰ সৃষ্টি নহয় |

অপসৰণ বিক্ৰিয়াৰ সমীকৰণ -
Zn + CuSO4 → ZnSO4 + C

 

21. দ্বিঅপসৰণ বিক্ৰিয়া  বুলিলে কি বুজা ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে |
  • অধঃক্ষেপৰ সৃষ্টি হয় |

দ্বিঅপসৰণ বিক্ৰিয়াৰ সমীকৰণ -
AgNO3 + NaCl → AgCl + NaNO3

 

22. জাৰণ বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে।

উদাহৰণ 一
i. 2Cu + O₂ ⟶ CuO
ii. 2Mg + O₂ ⟶ 2MgO

 

23. বিজাৰণ বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।

উদাহৰণ -
i. CuO + H2 ⟶ Cu + H2O
ii. ZnO + C ⟶ Zn + CO

 

 

24. জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় তেনেবোৰ বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে।

উদাহৰণ -

 

25. ক্ষয়ীভৱন কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |

  • জলীয় বাষ্প, এছিড আদিৰ প্ৰভাৱত ধাতুৰ পৃষ্ঠভাগৰ অৱক্ষয় সাধন হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন প্ৰক্ৰিয়া বোলে।

উদাহৰণ -
i. ছিলভাৰৰ ওপৰত পৰা কলা চামনি |
ii. ক'পাৰৰ ওপৰত পৰা সেউজীয়া চামনি |

 

26. চৰ্বিৰ দুৰ্গন্ধিতা ৰেনচিডিটি কাক বোলে ?

  • তেল অথবা চৰ্বীযুক্ত খাদ্য দীৰ্ঘসময়ৰ কাৰণে ৰাখি দিলে বেয়া গোন্ধ তথা বেয়া স্বাদৰ সৃষ্টি হয় | ইয়াৰ কাৰণ এই যে এনে খাদ্য দ্ৰৱ্যত থকা তেল আৰু চৰ্বী বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হয় | এই পৰিঘটনাক দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity) বোলে

 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ MCQ Paper (Total Questions - 45)
  HSLC বিজ্ঞানৰ MCQ Paper - ২০১৬ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০১৭ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০১৮ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০১৯ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০২০ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০২১ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০২২ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০২৩ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০২৪ Test
HSLC বিজ্ঞানৰ MCQ Paper - ২০২৫ Test

 

 

 

 

NCERT Class 10 in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

27. তাপবর্জী বিক্রিয়া আৰু তাপগ্রাহী বিক্রিয়াৰ মাজত পার্থক্য লিখা |

তাপবর্জী বিক্রিয়া তাপগ্রাহী বিক্রিয়া
i. এই বিধ ৰাসায়নিক বিক্ৰিয়া, য,ত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উদ্ভৱ হয় a. এই বিধ ৰাসায়নিক বিক্ৰিয়া, য,ত বিক্ৰিয়াজা পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ শোষণ হয় |
ii. সংযোজন বিক্ৰিয়াত তাপ উৎপন্ন হয় | b. বিযোজন বিক্ৰিয়াত তাপৰ শোষণ হয় |
iii. যেনে -
C + O2 ⟶ CO2 + তাপ
c. যেনে -
CaCO3 -- তাপ --> CaO + CO2

 

28. সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ মাজত পার্থক্য  লিখা |

সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া
i. দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়  a. এটা বিক্ৰিয়ক পদাৰ্থ দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়
ii. উদাহৰণ -
2Mg + O2 ⟶ 2MgO
b. উদাহৰণ -
2H2O ⟶ 2H2 + O2

 

29. জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়াৰ মাজত পার্থক্য  লিখা |

জাৰণ বিক্ৰিয়া বিজাৰণ বিক্ৰিয়া
i. অক্সিজেন যোগ হয় বা হাইড্ৰ'জেন হেৰুৱায় | a. অক্সিজেন হেৰুৱায় বা হাইড্ৰ'জেন লাভ কৰে |
ii. জাৰক পদাৰ্থই অন্য এটা পদাৰ্থ জাৰিত কৰিব পাৰে | b. বিজাৰক পদাৰ্থই অন্য এটা পদাৰ্থ বিজাৰিত কৰিব  পাৰে |
iii. যেনে -
2Cu + O2 ⟶ 2CuO
c.  যেনে -
H2 + Cl2 ⟶ 2HCL

 

30. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পার্থক্য  লিখা |

অপসৰণ বিক্ৰিয়া দ্বিঅপসৰণ বিক্ৰিয়া
i.  যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে | a. যি বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে |
ii. অধঃক্ষেপৰ সৃষ্টি নহয় | b. অধঃক্ষেপৰ সৃষ্টি হয় |
iii. যেনে -
Zn + CuSO4 ⟶ ZnSO2 + Cu
c. যেনে -
AgNO3 + NaCl ⟶ AgCl + NaNO3

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved