Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ : অনুশীলনী (All Q)

SEBA দশম শ্ৰেণীৰ বিজ্ঞানৰ 'ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ' অধ্যায়ৰ পৃষ্ঠা ৬ ত থকা প্ৰশ্নাৱলীৰ অসমীয়া মাধ্যমৰ সমাধান। এই সমাধানত সংযোজন, বিযোজন, অপসৰণ, আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণসহ সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ অন্তৰ্ভুক্ত। বিস্তারিত সমাধানৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকত ক্লিক কৰক।

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Chapter : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি
     
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা
 
SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত

 

অধ্যায় 1 : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

   SCERT শ্ৰেণী দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায়ৰ বাবে বিস্তৃত সমাধান অন্বেষণ কৰক, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, অধ্যায় - 1 । ছেটৰ ধাৰণাসমূহ আয়ত্ত কৰিবলৈ বিশদ ব্যাখ্যা আৰু পদক্ষেপ-দ্বাৰা-পদক্ষেপ নিৰ্দেশনা লাভ কৰক। SCERT পাঠ্যক্ৰমৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত।
 

প্ৰশ্নাৱলী, Page No - 6


1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি'ল'ব লাগে কিয় ?

  • মেগনেছিয়ামৰ ফিতা এডাল বাযুত দহনৰ আগতে পৰিস্কাৰ কৰি লব লাগে কাৰণ ইযাৰ দ্ধাৰা  মেগনেছিয়ামৰ ফিতা ডালৰ ওপৰত থকা  মেগনেছিয়াম অক্সাইডৰ আৱৰণটো আতৰাই লোৱা হয় যাৰ ফলত ই তৎক্ষণাত উজ্বলভাৱে জ্বলি উঠে


2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্র'জেন + ক্ল'ৰিন → হাইড্ৰ'জেন ক্ল'ৰাইড

  • H2 + Cl2  ---→  2HCl


(ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড

  • 3BaCl2 + Al2(SO4)3 → 3BaSO4 + 2AlCl3


(iii) ছ'ডিয়াম + পানী → ছ'ডিয়াম হাইড্র'ক্সাইড + হাইড্র'জেন

  • 2Na + 2H2O → 2NaOH + H2

 

3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।


(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।

  • Bacl2(aq) + Na2SO4 (aq) → BaSO4(s) + 2NaCl(aq)

 

(ii) ছ'ডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ'ক্ল'ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

  • NaOH(aq) + HCl (aq) → NaCl(aq) + NaCL(aq) + H2O(l)

 

YouTube Channel

Assam TET Academy Subscribe Now

 

প্ৰশ্নাৱলী, Page No - 10


1. এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White washing) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।

  • পদাৰ্থ 'X' ৰ নাম হ'ল পোৰা চূণ (কেলছিয়াম অক্সাইড) আৰু ইয়াৰ সংকেত হ'ল CaO


(ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্ৰিয়াটো লিখা।

  • পানীৰ সৈতে পদাৰ্থ X কৰা বিক্ৰিয়াটো হ'ল
    CaO(s) + H2O(l) → Ca(OH)2(aq)

 

2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা।

  • পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটি H2 আৰু O2 গেছৰ সৃষ্টি হয় | বিক্ৰিয়াটো হ'ল
    2H2O → 2H2 + O2
    যিহেতু দুটা পানীৰ অণু বিদ্যুত বিশ্লেষণ ঘটি দুটা H2 আৰু  এটা O2 অণুৰ সৃষ্টি হয় | সেইবাবে হাইড্ৰ'জেনৰ পৰিমাণ O2 ৰ পৰিমাণৰ দুগুণ হয় | এই গেছটোৰ নাম হ'ল H2 গেছ

 

প্ৰশ্নাৱলী, Page No - 13


1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক'পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?

  • লো কপাৰতকৈ সক্ৰিয় | সেইকাৰণে কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই থলে ৰঙৰ পৰিৱৰ্তন ঘটি আইৰণ ছালফেট আৰু কপৰা উৎপন্ন কৰে | ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ল
    Fe + CuSO4 → FeSO4 + Cu


2. কার্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

  • 2NaCl + H2SO4 → Na2SO4 + 2HCl

 

3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাছি উলিওৱা।


(i) 4Na(s) + O2(g) -------→ 2Na₂O(s)

  • জাৰিত হোৱা পদার্থবোৰ - Na(s)
    বিজাৰিত হোৱা পদার্থ - O2(g)


(ii) CuO(s) + H₂(g) -------→ Cu(s) + H₂O(l)

  • জাৰিত হোৱা পদার্থ - H₂(g)
    বিজাৰিত হোৱা পদার্থ - CuO(s)

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

অনুশীলনী, Page No - 14


1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO(s) + C(s) → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাই অক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।

  • (i) (a) আৰু (b)
  • (ii) (a) আৰু (c)
  • (iii) (a), (b) আৰু (c)
  • (iv) সকলো

Answer : (i) (a) আৰু (b)


 

2. Fe2O3 + 2Al -----→ Al2O3 + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

  • (a) এটা সংযোজন বিক্ৰিয়াৰ
  • (b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ
  • (c) এটা বিযোজন বিক্রিয়াৰ
  • (d) এটা অপসবণ বিক্রিয়াৰ

Answer : (d) এটা অপসবণ বিক্রিয়াৰ


 

3. কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।

  • (a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
  • (b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্র'ক্সাইড উৎপন্ন হয়।
  • (c) বিক্রিয়া নঘটে।
  • (d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

Answer : (a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।


 

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

  • যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।
    H2 + Cl2 → 2HCl

 

 

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সম্ভলন কৰা।

(a) হাইড্র'জেন গেছে নাইট্রি'জেনৰে সৈতে লগ হৈ এম'নিয়া প্রস্তুত কৰে।

  • 3H2 + N2 → 2NH3

 

(b) হাইড্র'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

  • 2H2S + 3O2 → 2SO2 + 2H2O

 

(c) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ফ্ল'ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

  • 3BaCl2 + Al2(SO4)3 → 2AlCl3 + 3BaSO4

 

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্রিয়া কৰি পটেছিয়াম হাইড্র'ক্সাইড আৰু হাইড্র'জেন গেছ উৎপন্ন কৰে।

  • 2K + 2H2O → 2KOH + H2

 

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।

(a) HNO3  + Ca(OH)2 → Ca(NO3)2 + H₂о

  • 2HNO3  + Ca(OH)2 → Ca(NO3)2 + 2H₂о

 

(b) NaOH + H₂SO₄ → Na₂SO₄ + H2O

  • 2NaOH + H₂SO₄ → Na₂SO₄ + 2H2O

 

(c) NaCl  + AgNO3  → AgCl + NaNO3

  • NaCl  + AgNO3 → AgCl + NaNO3

 

(d) BaCl2  +  H₂SO₄  → BaSO4 + HCl

  • BaCl2  +  H₂SO₄ → BaSO4 + 2HCl

 

7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্র'ক্সাইড + কার্বন ডাই অস্কাইড → কেলছিয়াম কার্বনেট + পানী

  • Ca(OH)2 + CO2 → CaCO3 + H2O

 

(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ

  • Zn + 2AgNO3 → Zn(NO3)2 + 2Ag


(c) এলুমিনিয়াম + ক'পাৰ ক্ল'ৰাইড →  এলুমিনিয়াম ক্ল'ৰাইড + ক'পাৰ

  • 2Al + 3CuCl2 → 2AlCl3 + 3Cu

 

(d) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড

  • BaCl2 + K2SO4 → BaSO4 + 2KCl

 

৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা। 

(a) পটেছিয়াম ব্র'মাইড (aq) + বেৰিয়াম আয়'ডাইড (aq) → পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্র'মাইড (s)

  • 2KBr(aq) + BaI2(aq) → 2KI + BaBr2 (দ্বিঅপসৰণ)

 

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)

  • ZnCO3 → ZnO + CO2 (বিযোজন বিক্ৰিয়া)

 

(c) হাইড্র'জেন (g) + ক্ল'ৰিন(g) →  হাইড্র'জেন ক্ল'ৰাইড (g)

  • H2 + Cl2 → 2HCl (সংযোজন বিক্ৰিয়া)

 

(d) মেগনেছিয়াম (s) + হাইড্র'ক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্র'জেন (g)

  • Mg + 2HCl → MgCl2 + H2 (প্ৰতিষ্ঠাপন বিক্ৰিয়া)

 

9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা । উদাহৰণ দিয়া।

  • তাপবৰ্জী বিক্ৰিয়া : যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগত তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে।
    উদাহৰণ -
    CH4(g) + 2O2(g) → CO2(g) + 2H2O(g)

  • তাপগ্ৰাহী বিক্ৰিয়া : যিবোৰ বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।
    উদাহৰণ -

 

10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা।

  • শ্বসন বিক্রিয়াটোত গ্লুকজে অক্সিজেনৰ সৈতে বিক্রিয়া কৰি পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ লগত যথেষ্ট পৰিমাণৰ তাপ আৰু শক্তিৰ উৎপন্ন কৰে। সেয়ে শ্বসন বিক্রিয়াটোক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।
    C6H12O6(aq) + O2(aq) + 6H2O(l) → 6CO2(aq) + 12H2O(l) + শক্তি (1.18)


11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়ার বিপৰীত বোলা হয় কিয় । এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।

  • বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয় কাৰণ বিযোজন বিক্রিয়াত এটা মাত্ৰ বিক্রিয়ক পদাৰ্থ ভাঙি দুটা বা তাতকৈ বেছি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় আহাতে সংযোজন বিক্রিয়াত দুটা বা তাতকৈ বেছি বিক্রিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰে |
    সমীকৰণ :
    বিযোজন বিক্রিয়া -
    CaCO3(s) → CaO(s) + CO2

    সংযোজন বিক্রিয়া -
    CaO(s) + H2O(l) → Ca(OH)2(aq)


12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা

  • তাপৰে সংঘটিত বিয়োজন বিক্রিয়াৰ

 

  • পোহৰৰে সংঘটিত বিয়োজন বিক্রিয়াৰ

 

  • বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্রিয়াৰ


 

13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পার্থক্য কি ? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।

Answer : 

অপসৰণ বিক্ৰিয়া দ্বিঅপসৰণ বিক্ৰিয়া
i.  যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে | a. যি বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে |
ii. অধঃক্ষেপৰ সৃষ্টি নহয় | b. অধঃক্ষেপৰ সৃষ্টি হয় |

অপসৰণ বিক্ৰিয়াৰ সমীকৰণ -
Zn + CuSO4 → ZnSO4 + Cu

দ্বিঅপসৰণ বিক্ৰিয়াৰ সমীকৰণ -
AgNO3 + NaCl → AgCl + NaNO3


 

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে'ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক'পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় ।  জড়িত বিক্রিয়াটো লিখা।

  • Cu + 2AgNO3 → Cu(NO3)2 + Ag


15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।

  • যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে।
    উদাহৰণ 一

 

16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।
(a) জাৰণ
(b) বিজাৰণ

  • (a) জাৰণ : যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে।
    উদাহৰণ 一
    i. 2Cu + O₂ ⟶ CuO
    ii. 2Mg + O₂ ⟶ 2MgO


  • (b) বিজাৰণ : যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।
    উদাহৰণ -
    i. CuO + H2 ⟶ Cu + H2O
    ii. ZnO + C ⟶ Zn + CO

 

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।

  • মৌল 'X'হল কপাৰ (Cu) আৰু উৎপন্ন হোৱা যৌগটোৰ হ'ল - CuO (কপাৰ অক্সাইড)

 

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

  • লোই বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি আইৰণ অক্সাইড উৎপন্ন কৰে | এই আইৰণ অক্সাইডে আইৰণখিনিক মামৰত পৰিণত কৰি নষ্ট কৰি পেলায় | যাৰ ফলত লোৰ ক্ষয়ীভৱন বাঢ়ি আহে | সেয়েহে ক্ষয়ীভৱনৰোধ কৰাৰ বাবে লোৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিয়া হয় |


19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয় ?

  • তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হয়। নাইট্ৰ'জেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰ'জেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয়। ফলত বহু দিনলৈ ভালে থাকে।


20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন

  • জলীয় বাষ্প, এছিড আদিৰ প্ৰভাৱত ধাতুৰ পৃষ্ঠভাগৰ অৱক্ষয় সাধন হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন প্ৰক্ৰিয়া বোলে।

    উদাহৰণ -
    i. ছিলভাৰৰ ওপৰত পৰা কলা চামনি |
    ii. ক'পাৰৰ ওপৰত পৰা সেউজীয়া চামনি |

 

(b) চৰ্বিৰ দুৰ্গন্ধিতা

  • তেল অথবা চৰ্বীযুক্ত খাদ্য দীৰ্ঘসময়ৰ কাৰণে ৰাখি দিলে বেয়া গোন্ধ তথা বেয়া স্বাদৰ সৃষ্টি হয় | ইয়াৰ কাৰণ এই যে এনে খাদ্য দ্ৰৱ্যত থকা তেল আৰু চৰ্বী বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হয় | এই পৰিঘটনাক দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity) বোলে

 

অধ্যায় 1 : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ : প্ৰশ্নাৱলী
Page No - 6 Page No - 10 Page No - 13 Page No - 14

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved