SCERT দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় ‘এছিড ক্ষাৰক আৰু লৱণ’ৰ সাৰাংশৰ মাধ্যমে শাৰীৰিক আৰু ৰাসায়নিক বৈশিষ্ট্যৰ সম্পৰ্কে জানক। এই সাৰাংশটো শিক্ষাৰ্থীৰ বাবে সহজ আৰু স্পষ্ট ভাষাত প্ৰস্তুত কৰা হৈছে।
Follow Us

Chapter : এছিড ক্ষাৰক আৰু লৱণ
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
- অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।
- ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।
- গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।
- বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।
- সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।
- উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
এছিড ক্ষাৰক আৰু লৱণ - সাৰাংশ
SCERT শ্ৰেণী দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায়ৰ বাবে বিস্তৃত সমাধান অন্বেষণ কৰক, এছিড ক্ষাৰক আৰু লৱণ, অধ্যায় - ২ । ছেটৰ ধাৰণাসমূহ আয়ত্ত কৰিবলৈ বিশদ ব্যাখ্যা আৰু পদক্ষেপ-দ্বাৰা-পদক্ষেপ নিৰ্দেশনা লাভ কৰক। SCERT পাঠ্যক্ৰমৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত।
তোমালোকে কি শিকিলা
- এছিড ক্ষাৰক সূচকবোৰ ৰঞ্জক পদাৰ্থ বা ৰঞ্জকৰ মিশ্র। এইবোৰক এছিড আৰু ক্ষাৰকৰ উপস্থিতি সূচাবলৈ ব্যৱহাৰ কৰা হয়।
- দ্ৰৱ H+(aq) উৎপন্ন কৰাৰ বাবে পদাৰ্থ এটা এচিড ধর্মী হয়। দ্ৰৱত H-(aq) উৎপন্ন কৰাৰ বাবে পদার্থ এটা ক্ষাৰকীয় ধর্মী হয়।
- এছিড এটাই ধাতুৰে সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰ'জেন গেছ উৎপন্ন কৰে আৰু অনুৰূপ লৱণ গঠন কৰে।
- ক্ষাৰক এটাই ধাতুৰে সৈতে বিক্ৰিয়া কৰিলে হাইড্র'জেন গেছ উৎপন্ন কৰাৰ লগতে এটা লৱণ গঠন কৰে যাৰ ধাতু আৰু অক্সিজেনেৰে গঠিত এটা ঋণাত্মক আয়ন থাকে।
- এছিড এটাই ধাতৱ কার্বনেট বা ধাতব হাইড্ৰ'জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে অনুৰূপ লৱণ, কার্বন-ডাই-অক্সাইড গেছ আৰু পানী উৎপন্ন কৰে।
- পানীত আম্লিক আৰু ক্ষাৰকীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে, কাৰণ সিহঁতে ক্রমে হাইড্র'জেন আৰু হাইড্ৰ'ক্সাইড আয়ন উৎপন্ন কৰে।
- এছিড বা ক্ষাৰ এটাৰ তীব্রতা pH স্কেল (0 - 14) ব্যৱহাৰ কৰি পৰীক্ষা কৰিব পাৰি। ই দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তাৰ পৰিমাণ দিয়ে।
- এটা প্রশম দ্ৰৱৰ pH সঠিককৈ 7 থাকে। এয়িত দ্রৱৰ pH মান 7 একে কম আৰু ক্ষাৰকীয় দ্রৱৰ pH ৰ মান 7 ৰ বেছি থাকে।
- জীৱিত প্রাণীয়ে সিহঁতৰ বিপাকীয় ক্রিয়াকলাপবোৰ এক অনুকূল pH পৰিসৰৰ ভিতৰত সম্পন্ন কৰে।
- পানীৰে সৈতে গাঢ় এছিড বা ক্ষাৰক মিহলি কলা প্রক্রিয়াটো এটা অতিশয় তাপবৰ্জী প্রক্রিয়া।
- এছিড আৰু ক্ষাৰক পৰস্পৰক প্রশমিত কৰোঁতে অনুৰূপ লৱণ পানী উৎপন্ন কৰে।
- স্ফটিকাবদ্ধজল হৈছে স্ফটিক অৱস্থাত লৱণ এটাৰ প্রতিটো সংকেত এককৰে সৈতে ৰাসায়নিকভাৱে যুক্ত হৈ থতা নির্দিষ্ট সংখ্যক পানীৰ অণু।
- দৈনন্দিন জীৱনত আৰু উদ্যোগত লৱণবোৰৰ অনেক ব্যৱহাৰ আছে।
YouTube Channel

SEBA Class 10 in Assamese Medium

Study Materials (AssamTET.com)