Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ধাতু আৰু অধাতু - অনুশীলনী, Page No - 56

SCERT অসম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানধাতু আৰু অধাতু অধ্যায়ৰ প্ৰশ্নাৱলী (পৃষ্ঠা নম্বৰ ৫৬)ৰ সম্পূর্ণ প্ৰশ্ন আৰু উত্তৰসমূহ। NCERT আৰু SCERT ভিত্তিক সহায়ক সমাধান, শিক্ষাৰ্থীৰ বাবে উপযোগী।

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

Chapter : ধাতু আৰু অধাতু

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি
     
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা
 
SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত

 

ধাতু আৰু অধাতু - অনুশীলনী, Page No - 56

   SCERT শ্ৰেণী দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায়ৰ বাবে বিস্তৃত সমাধান অন্বেষণ কৰক, ধাতু আৰু অধাতু, অধ্যায় - 3 । ছেটৰ ধাৰণাসমূহ আয়ত্ত কৰিবলৈ বিশদ ব্যাখ্যা আৰু পদক্ষেপ-দ্বাৰা-পদক্ষেপ নিৰ্দেশনা লাভ কৰক। SCERT পাঠ্যক্ৰমৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত।

1. তলৰ কোনবোৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব ?

(a) NaCl ৰ দ্রৱ আৰু কপাৰ ধাতু।
(b) MgCl2 ৰ দ্রৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 ৰ দ্রৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 ৰ দ্ৰৱ আৰু কণাৰ ধাতু।


2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব।

(a) গ্রীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো


3. এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রৱণীয়।
সম্ভৱপৰ মৌলটো

(a) কেলছিয়াম
(b) কার্বন
(c) ছিলিকন
(d) আইৰন

 

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো -

(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।

 

YouTube Channel

Assam TET Academy Subscribe Now

 

5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ'ল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?

  • হাতুৰীৰে ধাতুবোৰ কোবালে ই পাতল ৰূপ হ'ব | আনহাতে অধাতু কোবালে গুড়ি হ'ব | ধাতুৰ লগত বেটাৰী, তাৰ আৰু ছুইচ সংযোগ কৰি বুদ্যুৎ চালিত কৰিলে ইয়াৰ মাজেৰে চালিত হ,ব | কিন্তু অধাতুৰ মাজেৰে বিদ্যুৎ চালিত নহয় |

 

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।

  • ধাতু আৰু অধাতু চিনাক্তকৰণত হাতুৰী ব্যৱহাৰ কৰাটো বেছি উপযোগী হ'ব | কাৰণ অধাতু গ্ৰেফাইটৰ মাজেৰে বিদ্যুৎ চালিত হয় |


6. উভধর্মী অক্সাইড কাক  বোলে । দুটা উভধর্মী  অক্সাইডৰ উদাহৰণ দিয়া | 

  • যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে উভধর্মী অক্সাইড বোলে | 
    যেনে -
    Al2O3 + 6HCl 2AlCl3 + 3H2O
    Al2O3 + 2NaOH 2NaAlO2 + H2O

 

7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ'জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

  • হাইড্ৰ'জেন অপসাৰণ কৰা ধাতু  → ছ'ডিয়াম আৰু মেগনেছিয়াম
    হাইড্ৰ'জেন অপসাৰণ নকৰা ধাতু  →  কপাৰ  আৰু  ছিলভাৰ

 

8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন'ড, কেথ'ড আৰু  বিদ্যুৎ বিশ্লেষ্য কি ল'ব লাগিব

  • M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকাত 
    এন'ড → অশুদ্ধ M ধাতু |
    কেথ'ড → বিশুদ্ধ M  ধাতু |
    বিদ্যুৎ বিশ্লেষ্য → M ধাতুৰ লৱণৰ দ্ৰৱ ল'ব লাগিব |


9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত

  • শুষ্ক লিটমাচ কাগজৰ লগত কোনো বিক্রিয়া নহয় 


(ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ'ব।

  • সিক্ত লিটমাচ কাগজখনৰ ৰং ৰঙা হব


(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

  • S + O2 → SO2 

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

(i) ৰঙ কৰি
(ii) গ্ৰীজ সাণি 
(iii) দস্তালেপণ দি

 

11. অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে ?

  • আম্লিক অক্সাইড উৎপন্ন কৰে

 

12. কাৰণ দর্শোরা
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ'ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

  • গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতুবোৰ নমনীয় ঘাতসহনীয় আৰু ধাতৱ দ্যুতি সম্পন্ন | তদুপৰি এই ধাতুবোৰ সক্ৰিয় হোৱাৰ বাবে সাধাৰণতে ক্ষয় নঘটে |

 

(b) ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

  • ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়ামৰ ধাতুৱে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয় |

 

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক বন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

  • এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু | ই বায়ুৰ অক্সিজেনৰ লগত অতি কম পৰিমাণে বিক্ৰিয়া ঘটায় | এই ধাতুবোৰ তাপ আৰু বিদ্যুৎতৰ সুপৰিবাহী সেইবাবে ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বাচন বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় |

 

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

  • ধাতু নিষ্কাষণৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় | কাৰণ কাৰ্বনেট আৰু ছালফাইড আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতুটো সহজে নিষ্কাষণ কৰিব পাৰি |

 

 

13. চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে ?

  • দেখিছো | কপাৰৰ পাত্ৰৰ চেকাবোৰ কপাৰ কাৰ্বনেট | যিহেতু কপাৰ কাৰ্বনেট এছিডত দ্ৰৱীভূত হয় | সেয়েহে চেকাবোৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা হয় |

 

14. ৰাসায়নিক ধর্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা ?

ধাতু অধাতু
(i) ধাতুবোৰ হ'ল বিদ্যুৎ ধনাত্মক | (a) অধাতুবোৰ হ'ল বিদ্যুৎ ঋণাত্মক |
(ii) ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে | (b) অধাতুৱে আম্লিক অক্সাইড গঠন কৰে |
(iii) ধাতুৱে সাধাৰণতে H2 ৰ লগত বিক্ৰিয়া নকৰে | (c) অধাতুৱে H2 ৰ লগত বিক্ৰিয়া কৰি সুস্থিৰ যৌগ উৎপন্ন কৰে |
(iv) ধাতুৱে ঠাণ্ডা, গৰম নাইবা উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড বা হাইড্ৰ'ক্সাইড উৎপন্ন কৰে | (d) অধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে |

 

15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘুৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্রতিশ্রুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে থাৰুযোৰ এটা বিশেষ  দ্ৰাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মুৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি কব পাৰিবা নে ?

  • মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো হ'ল অম্লৰাজ | ই হ'ল 3:1 অনুপাতত গাঢ় HCl আৰু গাঢ় HNO3 ৰ সদ্য প্ৰস্তুত মিশ্ৰণ |

 

16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয় ?

  • কাৰণ ষ্টিল গৰম পানীৰ লগত বিক্ৰিয়া কৰে কিন্তু কপাৰে নকৰে

 

ধাতু আৰু অধাতু - প্ৰশ্নাৱলী আৰু অনুশীলনী
Page No → 4046 49535556

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved