SCERT অসম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান, ধাতু আৰু অধাতু অনুশীলনী প্ৰশ্ন আৰু উত্তৰ (Assamese Medium)। সম্পূৰ্ণ সমাধানসহ ধাতু আৰু অধাতুৰ গুৰুত্বপূর্ণ প্ৰশ্নোত্তৰ PDF ডাউনলোড কৰক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : ধাতু আৰু অধাতু
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 40
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া।
(ii) কটাৰীৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।
YouTube Channel
| Assam TET Academy | Subscribe Now |
ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 46
1. ছ'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?
2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা -
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্রৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
| ধাতু | আইৰন (II) ছালফেট | কপাৰ (II) ছালফেট | জিংক ছালফেট | ছিলভাৰ নাইট্ৰেট |
| A | বিক্রিয়া নহয় | প্রতিষ্ঠাপন | ||
| B | প্রতিষ্ঠাপন | বিক্রিয়া নহয় | ||
| C | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় | প্রতিষ্ঠাপন |
| D | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় |
ওপৰৰ তালিকা ব্যৱহাৰ কৰি A, B, C, D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো ?
(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ'ব ?
(iii) A, B, C, D ধাতুক সক্রিয়তাৰ নিম্নক্ৰমত সজোৱা।
4. লঘু হাইড্ৰ'ক্ল'ৰিক এছিড (HCl) ত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়া টোৰ সমীকৰণ লিখা |
5. আইৰন (II) ছালফেট দ্ৰৱণত যিংক দিলে কি দেখিবা ? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা |

ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 49
1. (i) ছ'ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।
| ছ'ডিয়াম (2, 8, 1) → |
| অক্সিজেন (2, 6) → | ![]() |
| মেগনেছিয়াম (2, 8, 2) → | ![]() |
(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা।
Na2O ৰ গঠন -
Na ------→ Na + + e -
(2, 8, 1) (2, 8)
(ছ'ডিয়াম কেটায়ন)
O + 2e - ------→ O 2-
(2, 6) (2, 8)
(অক্সাইড এনায়ন)

ছ'ডিয়াম আৰু অক্সাইড দুটা বিপৰীত আধানযুক্ত হোৱা হেতুকে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে আৰু দৃঢ় বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই ছ'ডিয়াম অক্সাইড (Na2O) গঠন হয়
MgO ৰ গঠন -
Mg ------→ Mg 2+ + 2e -
(2, 8, 2) (2, 8)
(মেগনেছিয়াম কেটায়ন)
O + 2e - ------→ O2-
(2, 6) (2, 8)
(অক্সাইড এনায়ন)

মেগনেছিয়াম আৰু অক্সাইড দুটা বিপৰীত আধানযুক্ত হোৱা হেতুকে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে আৰু দৃঢ় বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই মেগনেছিয়াম অক্সাইড (MgO) গঠন হয়
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি ?
2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 53
1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (Mineral)
(ii) আকৰ (Ore)
(iii) খনিজ মল (Gangue)
2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয় ?
ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 55
1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ'ল।
| ধাতু | যিংক | মেগনেছিয়াম | কপাৰ |
| যিংক অক্সাইড | |||
| মেগনেছিয়াম অক্সাইড | |||
| কপাৰ অক্সাইড |
কোনবিলাক ক্ষেত্রত প্রতিষ্ঠাপন বিক্রিয়া ঘটিব ?
Asnwer :
| ধাতু | যিংক | মেগনেছিয়াম | কপাৰ |
| যিংক অক্সাইড | বিক্রিয়া নহয় | প্রতিষ্ঠাপন বিক্রিয়া | বিক্রিয়া নহয় |
| মেগনেছিয়াম অক্সাইড | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় |
| কপাৰ অক্সাইড | প্রতিষ্ঠাপন বিক্রিয়া | প্রতিষ্ঠাপন বিক্রিয়া | বিক্রিয়া নহয় |
2. কোনবোৰ ধাতু সহজে ক্ষয় নহয় ?
3. সংকৰ ধাতু কি ?
ধাতু আৰু অধাতু - অনুশীলনী, Page No - 56
1. তলৰ কোনবোৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব ?
(a) NaCl ৰ দ্রৱ আৰু কপাৰ ধাতু।
(b) MgCl2 ৰ দ্রৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 ৰ দ্রৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 ৰ দ্ৰৱ আৰু কণাৰ ধাতু।
2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব।
(a) গ্রীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো
3. এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রৱণীয়।
সম্ভৱপৰ মৌলটো
(a) কেলছিয়াম
(b) কার্বন
(c) ছিলিকন
(d) আইৰন
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো -
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।
5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ'ল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।
6. উভধর্মী অক্সাইড কাক বোলে । দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া |
7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ'জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন'ড, কেথ'ড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল'ব লাগিব
9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত
(ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ'ব।
(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।
10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।
(i) ৰঙ কৰি
(ii) গ্ৰীজ সাণি
(iii) দস্তালেপণ দি
11. অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে ?
12. কাৰণ দর্শোরা
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ'ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
(b) ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক বন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
13. চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে ?
14. ৰাসায়নিক ধর্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা ?
| ধাতু | অধাতু |
| (i) ধাতুবোৰ হ'ল বিদ্যুৎ ধনাত্মক | | (a) অধাতুবোৰ হ'ল বিদ্যুৎ ঋণাত্মক | |
| (ii) ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে | | (b) অধাতুৱে আম্লিক অক্সাইড গঠন কৰে | |
| (iii) ধাতুৱে সাধাৰণতে H2 ৰ লগত বিক্ৰিয়া নকৰে | | (c) অধাতুৱে H2 ৰ লগত বিক্ৰিয়া কৰি সুস্থিৰ যৌগ উৎপন্ন কৰে | |
| (iv) ধাতুৱে ঠাণ্ডা, গৰম নাইবা উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড বা হাইড্ৰ'ক্সাইড উৎপন্ন কৰে | | (d) অধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে | |
15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘুৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্রতিশ্রুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে থাৰুযোৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মুৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি কব পাৰিবা নে ?
16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয় ?
| ধাতু আৰু অধাতু - প্ৰশ্নাৱলী আৰু অনুশীলনী |
| Page No → 40 ↔ 46 ↔ 49 ↔ 53 ↔ 55 ↔ 56 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved