Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ধাতু আৰু অধাতু - সাৰাংশ

SCERT অসম দশম শ্ৰেণীসাধাৰণ বিজ্ঞান, ধাতু আৰু অধাতু অধ্যায়ৰ সাৰাংশ (Assamese Medium)। এই অধ্যায়ৰ সম্পূৰ্ণ সংক্ষেপ, মূল ধাৰণা আৰু গুৰুত্বপূর্ণ তথ্যবোৰ জানিবলৈ একেই ক্লিক কৰক!

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

Chapter : ধাতু আৰু অধাতু

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি<br>     SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা
 
SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত

 

ধাতু আৰু অধাতু - সাৰাংশ

   SCERT শ্ৰেণী দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায়ৰ বাবে বিস্তৃত সমাধান অন্বেষণ কৰক, ধাতু আৰু অধাতু - সাৰাংশ, অধ্যায় - 3 । ছেটৰ ধাৰণাসমূহ আয়ত্ত কৰিবলৈ বিশদ ব্যাখ্যা আৰু পদক্ষেপ-দ্বাৰা-পদক্ষেপ নিৰ্দেশনা লাভ কৰক। SCERT পাঠ্যক্ৰমৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত।

 

তোমালোকে কি শিকিলা

  • মৌলবোৰ ধাতু আৰু অধাতু হিচাপে শ্রেণীভূক্ত কৰিব পাৰি।
  • ধাতুবোৰ দ্যুতিসম্পন্ন (Lustrous), ঘাতসহনীয় (Malleable) নমনীয় (Ductile) আৰু বিদ্যুৎ ও তাপৰ সুপৰিবাহী। সাধাৰণ উষ্ণতাত সিহঁত গোটা (solid) কিন্তু পাৰা জুলীয়া (liquid)।
  • ধাতুৱে অধাতুলৈ ইলেক্ট্রন এৰি দি ধনাত্মক আয়ন গঠন কৰিব পাৰে।
  • অক্সিজেনৰ লগত ধাতুৱে ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰে। এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইডে ক্ষাৰকীয় আৰু আম্লিক উভয়ৰে বিক্রিয়া দেখুৱায়। এইবোৰ অক্সাইডক উভধর্মী (amphoteric) অক্সাইড বোলে।
  • পানী আৰু লঘু এছিডৰ লগত বেলেগ বেলেগ ধাতুৱে বেলেগ বেলেগ বিক্রিয়া দেখুৱায়।
  • সহজলভ্য ধাতুবোৰ সিহঁতৰ সক্রিয়তাৰ নিম্নক্রমত সজাই পোৱা তালিকাখনক সক্রিয়তা শ্রেণী (reactivity series) বোলা হয়।
  • সক্রিয়তা শ্রেণীত হাইড্র'জেনতকৈ ওপৰত স্থানপ্রাপ্ত ধাতুবোৰে লঘু এছিডৰ পৰা হাইড্র'জেন গেছ নির্ঘাত কৰে।
  • অধিক সক্রিয় ধাতুৱে কম সক্রিয় ধাতুৰ লৱণৰ দ্ৰৱৰ পৰা ধাতুটো অপসাৰিত কৰে।
  • ধাতু প্রকৃতিত মুক্ত বা যৌগ অৱস্থাত পোৱা যায়।
  • আকৰৰ পৰা ধাতু নিষ্কাশন আৰু পিছত তাৰ শোধন কৰাকে ধাতুবিদ্যা (metallurgy) বোলে।
  • কিছুমান ধাতুৰ পৃষ্ঠ যেনে লো (iron) সেমেকা বায়ুৰ পৰিবেশত দীর্ঘসময় ৰাখি থলে ক্ষয় যায়। ইয়াকে ক্ষয়ীভবন (corrosion) বোলে।
  • অধাতুৰ ধর্ম ধাতুৰ ধৰ্মৰ বিপৰীত। অধাতুবোৰ ঘাতসহনীয় নিমনীয়তেহয়।  গ্ৰেফাইটৰ বাহিৰে নিহত আটাইবোৰ তাপ আৰু বিদ্যুৎৰ কুপৰিবাহী। প্লেফাইট বিদ্যুতৰ সুপৰিবাহী।
  • অধাতুবিলাকে ধাতুৰ লগত বিক্রিয়া কৰাৰ সময়ত ইলেকট্রন গ্রহণ কৰি ঋণাত্মক আধানযুক্ত হৈ পৰে।
  • অধাতুৰ অক্সাইড আম্লিক নাইবা প্রশম।
  • লঘু এছিডৰ পৰা অধাতুৱে হাইড্র'জেন প্রতিস্থাপিত কৰিব নোৱাৰে। ইহঁতে হাইড্র'জেনৰ লগত হাইড্রাইড উৎপন্ন কৰে।

 

YouTube Channel

Assam TET Academy Subscribe Now

 

ধাতু আৰু অধাতু সম্পর্কিত মূল তথ্যসমূহ

ধাতুৰ বৈশিষ্ট্যসমূহ :

  • ধাতুবোৰ দ্যুতিময় (Lustrous), ঘাতসহনীয় (Malleable), নমনীয় (Ductile) আৰু বিদ্যুৎ তথা তাপৰ উত্তম পৰিবাহী।
  • সাধাৰণ উষ্ণতাত অধিকাংশ ধাতু কঠিন (Solid) অৱস্থাত থাকে, কিন্তু পারা (Mercury) তৰল (Liquid) অৱস্থাত থাকে।
  • ধাতুৱে অধাতুৰ তুলনাত ইলেক্ট্ৰন এৰি দিয়ে আৰু ধনাত্মক আয়ন গঠন কৰে।
  • অক্সিজেনৰ লগত বিক্রিয়া কৰি ধাতুৱে ক্ষাৰীয় অক্সাইড গঠন কৰে।
  • এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড উভয়েই আম্লিক আৰু ক্ষাৰীয় উভয়ৰে সৈতে বিক্রিয়া কৰে, যাক উভধর্মী (Amphoteric) অক্সাইড বোলে।
  • বিভিন্ন ধাতুৱে পানী আৰু লঘু এছিডৰ সৈতে বেলেগ বেলেগ প্ৰতিক্ৰিয়া দেখুৱায়।
  • সক্রিয়তা শ্ৰেণী (Reactivity Series) অনুসৰি ধাতুবোৰ সক্রিয়তাৰ ভিত্তিত শ্ৰেণীবদ্ধ কৰা হয়।
  • যিবোৰ ধাতু সক্রিয়তা শ্ৰেণীত হাইড্ৰ’জেনতকৈ ওপৰত থাকে, সেইবোৰে লঘু এছিডৰ লগত বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ উলিয়ায়।
  • অধিক সক্রিয় ধাতুৱে কম সক্রিয় ধাতুৰ লৱণৰ দ্ৰৱৰ পৰা ধাতুটো অপসাৰণ কৰিব পাৰে।
  • ধাতু প্ৰকৃতিত মুক্ত বা যৌগীয় অৱস্থাত পোৱা যায়।
  • আকৰৰ পৰা ধাতু নিষ্কাশন আৰু তাৰ শোধনক ধাতুবিদ্যা (Metallurgy) বোলে।
  • কিছুমান ধাতুৰ পৃষ্ঠ, যেনে লোহাৰ (Iron) পৃষ্ঠ, সেমেকা বায়ুৰ সংস্পৰ্শত থাকিলে দীঘলীয়া সময়ৰ পিছত ক্ষয় হয়, যাক ক্ষয়ীভৱন (Corrosion) বোলে।

 

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

অধাতুৰ বৈশিষ্ট্যসমূহ :

  • অধাতুৰ ধর্মসমূহ ধাতুৰ ধৰ্মৰ বিপৰীত।
  • অধিকাংশ অধাতু ঘাতসহনীয় আৰু নমনীয় নহয়।
  • গ্ৰেফাইট (Graphite) বাদে সকলো অধাতু বিদ্যুৎ আৰু তাপৰ কুপৰিবাহী।
  • গ্ৰেফাইট বিদ্যুতৰ উত্তম পৰিবাহী।
  • অধাতুৱে ধাতুৰ লগত বিক্রিয়া কৰি ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু ঋণাত্মক আধানযুক্ত হয়।
  • অধাতুৰ অক্সাইড সাধাৰণতে আম্লিক বা প্রশম (Neutral) হয়।
  • অধাতুৱে লঘু এছিডৰ পৰা হাইড্ৰ’জেন গেছ উৎপন্ন কৰিব নোৱাৰে।
  • অধাতুৱে হাইড্ৰ’জেনৰ লগত বিক্রিয়া কৰি হাইড্ৰাইড গঠন কৰে।

 

 

ধাতু আৰু অধাতু - প্ৰশ্নাৱলী আৰু অনুশীলনী
Page No → 4046 49535556

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved