Download CTET August 2023 Paper 1 Assamese with official answer key. Get 100% accurate CTET Assamese solutions, question papers, and PDF for free. Perfect for exam preparation!
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Study Materials | Click Here |

CTET August 2023 : Assamese, Paper 1
PART - IV
Language - I : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - I (Language - I) হিচাপে লৈছে, তেনেহ'লে Part - IV-ৰ (প্রশ্ন নং 91 -ৰ পৰা 120 লৈ) উত্তৰ কৰিব।
91. মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয়, সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ - উক্ত উদাহৰণটোৰ লগত ৰজিতা যোৱা কৌশলটো হৈছে
(1) অনুবাদকৰণ
(2) মনত ৰখা
(3) পুনৰীক্ষণ কৰা
(4) স্ব-নিৰীক্ষণ
92. দ্বিতীয় মানৰ ছাত্ৰ - ছাত্ৰীয়ে - এই মোৰ দুই বাহু, দুই ভৰি মোৰ - শিশু পদ্যটো গাইছে আৰু গোৱাৰ লগে লগে পদ্যটোত উল্লেখ থকা ধৰণে। অংগ-প্রত্যংগ-বোৰ শুদ্ধকৈ স্পৰ্শ কৰি গৈছে। এইক্ষেত্রত শিক্ষকে কোন পদ্ধতিৰ ব্যৱহাৰ কৰি এনেধৰণে শিকাইছে
(1) সাৰগ্ৰাহী বা বর্ণিল
(2) শ্রব্যভাষিক
(3) যোগাযোগমূলক ভাষা শিক্ষণ
(4) সম্পূর্ণ শাৰীৰীক সঁহাৰি
93. শিক্ষকে ছাত্র - ছাত্রীসকলক কিছুমান গোটত ভাগ কৰি দিছে। এটা গোটে তেঁওলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ পাঁচোটাকৈ প্রশ্নোত্তৰ কৰিছে আৰু একেধৰনে আন এটা গোটৰ সৈতে প্রশ্নোত্তৰবোৰ সালসলনি কৰিছে। এই কার্যটো তলত দিয়া কোনটোৰ উদাহৰণ
(1) সহপাঠী মূল্যায়ন
(2) স্ব-মূল্যায়ন
(4) গঠন মূল্যায়ন
(3) ফীডবেক
94. মোৰ শিক্ষকে মোক কেতিয়াবা কার্ড এখন দিয়ে। তেঁও কার্ডখনত শব্দ এটা বা চুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় বা অংগী - ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰিব লাগে। এই খেলটো মই বৰ ভাল পাঁও - ছাত্ৰগৰাকীৰ এই বাক্যটোৰ পৰা তেঁওৰ শিকন অগ্রাধিকাৰটো বাছি উলিওৱা
(1) মই সক্রিয়ভাবে তথা গতিশীলতৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ
(2) মই দেখা পালে ভাষা ভালকৈ মনত ৰাখি পাৰোঁ
(3) মই শুনা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ
(4) কার্ড এখন দেখি মুখস্থ কৰিলে মই ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ
95. উক্তি (A): বিদ্যালয়লৈ অহা সকলো শিশুৱেই বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী
যুক্তি (R): ভাষা আৰু সংস্কৃতিৰ বৈচিত্র বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্রদর্শন কৰিবলৈ সক্ষম নহয়
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ
(1) (A) অশুদ্ধ, (R) শুদ্ধ
(2) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
(3) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
(4) (A) শুদ্ধ, (R) অশুদ্ধ
96. পঞ্চম মানৰ ছাত্ৰ মনজিতে নিজৰ শিক্ষক, বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ সৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষাৰ ব্যৱহাৰ কৰে। অর্থাৎ, সামাজিক পৰিস্থিতি অনুসৰি ভাষাৰ ব্যৱহাৰ মনজিতে জানে। মনজিতৰ ভাষা ব্যৱহাৰৰ এই বৈশিষ্ট্যটো হৈছে
(1) কথন কার্য
(2) স্বাভাৱিকবাদ বা প্রকৃতিবাদ (Naturalist)
(3) শব্দার্থ অধ্যয়ন বিদ্যা (Semantics)
(4) প্রয়োগবাদ বা বাস্তৱবাদ (Pragmatics)
97. এগৰাকী মাকে লক্ষ্য কৰিছে যে তেঁওৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নশুনা কথা কিছুমান কয়। মাকগৰাকী শিশুটিৰ এই কার্যত বিমোৰত পৰিছে, কাৰণ তেঁও বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায়ে পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিহে ভাষা শিকে। মাক গৰাকীৰ এই ধাৰণাটো হৈছে
(1) বহুভাষিকতা
(2) দেশীবাদ
(3) আচৰণবাদ
(4) গঠনবাদ
9৪. তলত দিয়া কোনধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নির্দেশ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নির্মাণ কৰে
(1) উদ্দামী সাক্ষৰতা
(2) উদ্যামী (Emergent) সমাধান
(3) উদ্দামী পাঠ্যক্রম
(4) উদ্দামী গুণ বা ধর্ম
99. এগৰাকী আইতাকে সৰু ল'ৰা - ছোৱালীৰ কিতাপৰ পৰা সধু পঢ়ি শুনাই ভাল পায় আৰু এনেদৰে তেঁও শিশুহঁতক কিতাপৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে পৰিচয় কৰোৱায় । ল'ৰা - ছোৱালীবোৰো এই প্রক্রিয়াটোত খুব সক্রিয়ভাৱ জড়িত হৈ পৰে। আইতাকগৰাকীৰ এই কৌশলটো হৈছে
(1) ডাঙৰকৈ শব্দ কৰি কৰা পঠন
(2) আদর্শ পঠন
(3) অংশাদাৰী বা সমিল-মিল পঠন
(4) বচনমূলক পঠন
100. পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে। প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিকনৰ অধিগম বা পদ্ধতি (approach) টোক কি বুলি জনা যায়, য'ত শিশুক ধ্বনি লগ লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয়
(1) গঠনাত্মক পদ্ধতি
(2) অধোমুখী বা নিম্নগামী পদ্ধতি
(3) উর্দ্ধমুখী পদ্ধতি
(4) সামগ্রিক ভাষা পদ্ধতি
101. উক্তি (A): বিশিষ্ট ধ্বনিগত বানানৰ (phonetic spelling) ব্যৱহাৰে শুদ্ধ বানান লিখিবলৈ শিকাৰ ক্ষমতা লেহেমীয়া কৰি তোলে
যুক্তি (R): শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে 'উদ্ভাৱন' কৰা বানান কৰিলে সিহঁতৰ বানান শুদ্ধকৈ লিখিব পৰাৰ ক্ষমতা লেহেমীয়া নহয়
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱী
(1) (A) অশুদ্ধ, (R) শুদ্ধ
(2) (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
(3) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
(4) (A) শুদ্ধ, (R) অশুদ্ধ
102. নতুন ভাষা এটা শিকোতে ভাষাটোৰ বৈশিষ্ট্যপূর্ণ উচ্চাৰণ - নিয়মৰ কাৰণে বহুতো শিক্ষার্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। এই অসুবিধা দূৰ কৰাৰ এটা উপায় হৈছে
(1) ভুল হোৱাৰ লগে লগে সেইবোৰ শুধৰাই দিয়া
(2) শ্রেণীকোঠাত ডাঙৰকৈ পঢ়িবলৈ দিয়া
(3) শ্রেণীকোঠাত মৌখিক যোগাযোগৰ প্রয়োজন হোৱা খেল কিছুমান দিব লাগে
(4) পৰামৰ্শদাতা বিশেষজ্ঞৰ সৈতে স্পীচ্ছ থেৰাপীৰ ব্যৱস্থা কৰি অনুশীলন কৰোৱা
103. তৃতীয় মানৰ শিক্ষক এগৰাকীয়ে শিকাৰুক নতুন শব্দসম্ভাৰ চিনাকি কৰিবৰ কাৰণে তলত দিয়া কোনটো আটাইতকৈ ফলপ্রসূ উপায়
(1) ব্লেকবোর্ডত শব্দবোৰৰ অৰ্থ লিখি দি শিকাৰুক সেইবোৰ মুখস্থ কৰিবলৈ দিয়া
(2) নতুন শব্দবোৰৰ বিপৰীত অর্থসূচক শব্দবোৰ কৈ সিহঁতৰ ভাষাত সেইবোৰৰ অর্থ কোৱা
(3) শিক্ষকে শব্দবোৰ সংক্ষিপ্ত সংজ্ঞা ডাঙি ধৰা
(4) যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয়, সেইবোৰ ব্যাখ্যা কৰা
104. ভাষা এটা শিকাটো হৈছে
(1) দক্ষতা (skill)
(2) আহৰণ (acquisition)
(3) প্রক্রিয়া (process)
(4) উৎপাদ (product)
105. পঠনৰ ধৰণক পাঠকে কি কৰা উচিত তলত দিয়া স্তম্ভ দুটা মিলাই উত্তৰ কৰাঁ পঠনৰ ধৰণ পঢ়ুৱৈয়ে
| A. অনুমান কৰণ | i. লেখকে লেখাৰ ধৰণৰ পৰা লেখক কি অনুভৱ কৰে সেয়া তেঁওলোকে ঠিক কৰি লয় |
| B. তথ্যভিত্তিক অনুমিতি বা সিদ্ধান্তৰ মনোভাৱ | ii. অচিনাকি বিধিবোৰ বুজি পাবৰ কাৰণে তেঁওলোকে পাঠটোৰ অংশ কিছুমান ব্যৱহাৰ কৰে |
| C. প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ | গদ্যাংশ এটাৰ শিৰোনাম পঢ়ি তেঁওলোকে তথ্য কিদৰে গঠন কৰা হৈছে সেয়া চায় |
| D. বিস্তৃত বা পুংখানুপুংখ পঠন | iv. পাঠ এটাত ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰা হৈছে তেঁওলোক তাত গুৰুত্ব দিয়ে |
| E. পাঠ চিনাক্তকৰণ | V. ছবি আৰু শিৰোনাম চাই ভিতৰৰ পাঠত কি আছে সেয়া তেঁওলোকে অনুমান কৰে |
(1) A - iv, B - iii, C - ii, D - i, E - v
(2) A - v, B - 1, C - ii, D - iv, E - iii
(3) A - 1, B - iv, C - v, D - ii, E - iii
(4) A - ii, B - 4, C - iii, D - iv, E - v
CTET 2025 Paper 1 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics | Click | |
| 3 | EVS | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
নির্দেশ: তলত দিয়া গদ্যাংশ পঢ়ি তাৰ তলত দিয়া প্রশ্নসমূহৰ (প্রশ্ন নং 106 ৰ পৰা 114 লৈ) আটাইতকৈ উপযুক্ত বিকল্পটো নির্বাচন কৰি উত্তৰ কৰাঁ।
১৭৩৬ খ্রীষ্টাব্দত ব্রেঞ্জামিন ফ্রেংকলিনে পে'ল্ল্ভেনিয়াৰ বিধান সভাৰ সচিবৰ পদ লাভ কৰিলে। বিধান সভাৰ সচিব পদত নিযুক্তি মাত্র এবছৰৰ কাৰণে দিয়া হয়। অর্থাৎ প্রত্যেক বছৰেই সচিব পদৰ নিযুক্তিৰ কাৰণে নতুন নতুন প্রস্তাৱ বিবেচনা কৰা হয়। ব্রেঞ্জামিন ফ্রেংকলিনে প্ৰথমবাৰ সচিবৰ পদত নিযুক্তি পাওঁতে তেওঁ বিনা প্রতিদ্বন্দ্বিতাই সেই পদলৈ নির্বাচিত হৈছিল। কিন্তু দ্বিতীয়বাৰ তেওঁৰ নাম প্রস্তাৱ হ'লত বিধান সভাৰ এজন নতুন সদস্যই সেই প্ৰস্তাৱৰ বিৰোধিতা কৰিলে। কিন্তু তেওঁৰ বিৰোধিতা সত্ত্বেও ব্রেঞ্জামিন পুনৰ সচিব পদত নিযুক্ত হ'ল। দ্বিতীয়বাৰ নিযুক্তি পালেও সদস্যজনৰ বিৰোধিতাৰ কথাটো বেঞ্জামিন সহজভাৱে ল'ব নোৱাৰিলে। তেওঁ অনুভৱ কৰিলে যে, কিবা প্ৰকাৰে যদি সদস্যজনৰ অন্তৰ জয় কৰিব পৰা নাযায়, তেন্তে ভৱিষ্যতেও সদস্যজনে ব্রেঞ্জামিনৰ কাৰণে নানা অসুবিধাৰ সৃষ্টি কৰি থাকিব। কিন্তু সদস্যজনক তোষামোদ কৰি বা ভেটি দি তেওঁৰ প্রীতি অর্জন কৰিবলৈ ব্ৰেঞ্জামিনৰ অকণো ইচ্ছা নাছিল। ব্রেঞ্জামিনে তেওঁৰ স্বভাৱৰ বৈশিষ্ট্য অনুযায়ী সদস্যজনৰ অন্তৰ গলাবলৈ এটা অভিনৱ পন্থা ল'লে। তেওঁ জানিব পাৰিছিল যে উক্ত সদস্যজন এজন উচ্চ শিক্ষিত আৰু অধ্যয়নশীল মানুহ আছিল। ভালকৈ খবৰ লৈ ব্রেঞ্জামিনে এই কথাও জানিব পাৰিলে যে সদস্যজনৰ পুথি-ভঁৰালত এখন অতি মূল্যবান আৰু দুষ্প্রাপ্য কিতাপ আছে। কিতাপখন ধাৰলৈ বিচাৰি ব্ৰেঞ্জামিনে তেওঁলৈ অতি নম্রভাৱে এখন চিঠি লিখিলে। চিঠিখন পঢ়ি সদস্যজন অতি মুগ্ধ হ'ল আৰু ব্রেঞ্জামিনে বিচৰা কিতাপখন তেওঁ তৎক্ষণাত ব্রেঞ্জামিনলৈ পঠাই দিলে। ইয়াৰ পিছৰ পৰাই সদস্যজনে ব্রেঞ্জামিনৰ প্ৰতি শ্রদ্ধাপূর্ণ আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু দুয়োৰে মাজত গভীৰ বন্ধুত্ব স্থাপিত হ'ল। এই ঘটনাটোৱে প্ৰমাণ কৰে যে ব্রেঞ্জামিনে একেটা দলিৰে দুটা চৰাই মৰাৰ কৌশল খুব ভালকৈ আয়ত্ত কৰিছিল। সদস্যজনৰ দয়া-দৃষ্টি পাবৰ কাৰণে তেওঁ যদি তোষামোদৰ আশ্রয় ল'লেহেঁতেন, তেন্তে তেওঁ কেতিয়াও সদস্যজনৰ শ্রদ্ধা অর্জন কৰিব নোৱাৰিলেহেঁতেন। কিন্তু ব্রেঞ্জামিনে যি কৌশল অৱলম্বন কৰিলে তাৰ ফলত এহাতে এখন মূল্যবান আৰু দুষ্প্রাপ্য কিতাপ পঢ়ি তেওঁ নিজৰ জ্ঞানৰ পৰিধি বহলাবলৈ সমর্থ হ'ল, আনহাতে তেওঁ এজন শিক্ষিত আৰু প্ৰভাৱশালী মানুহৰ বন্দুত্ব অর্জন কৰিব পাৰিলে।
106. "...ব্রেঞ্জামিনে তেঁওলৈ অতি নম্রভাৱে এখন চিঠি লিখিলে।"
উদ্ধৃত বাক্যটোৰ ৰেখাংকিত অংশ হৈছে।
(1) ক্রিয়া
(2) সর্বনাম
(3) বিশেষনীয় বিশেষণ
(4) উপসর্গ
107. ব্রেঞ্জামিনৰ বিৰোধিতা কৰা বিধান সভাৰ সদস্যজনৰ সৈতে আন্তৰিক তথা সৌহাদ্যপূর্ণ সম্পর্ক স্থাপন কৰিবলৈ তেঁও কি কৰিছিল?
(1) বিনয়েৰে তোষামোদ কৰিছিল
(2) সদস্যজনৰ ব্যক্তিগত সংগ্ৰহৰ পৰা এখন গ্রন্থ বিচাৰিছিল
(3) বিধান সভাৰ পুথিভঁৰালৰ পৰা এখন কিতাপ বিচাৰি চিঠি লিখিছিল
(4) নিজৰ পঠন অভ্যাসৰ কথা জনাই এখন চিঠি লিখিছিল

108. ব্রেঞ্জামিনে একেটা দলিৰে দুটা চৰাই মৰা বুলি কোৱাৰ দ্বাৰা কোন দুটা কার্য নির্দেশ কৰা হৈছে?
(1) জ্ঞানার্জন আৰু বিৰোধীৰ বন্ধুৰ অৰ্জন
(2) বিধান সভাৰ সচিব পদ লাভ আৰু বিৰোধী সদস্যজনৰ সৈতেও বন্ধুত্ব স্থাপন
(3) দুষ্প্রাপ্য কিতাপ এখন নিজৰ সংগ্রহলৈ অনা আৰু বিৰোধী সদস্যজনৰ সৈতে বন্ধুত্ব স্থাপন
(4) বিৰোধী সকলৰ সমৰ্থন আদায় আৰু নিজৰ পঠন অভ্যাসৰ পৰোক্ষ প্রদর্শন
109. ব্রেঞ্জামিন ফেংক্লিনৰ বিৰোধীতা কৰা সদস্যজন আছিল-
(1) উচ্চশিক্ষিত, কিন্তু অধ্যয়নৰ গভীৰতা নথকা এজন লোক
(2) বিধান সভাৰ নতুন সচিব
(3) এজন ক্ষমতাৱান, প্রাজ্ঞ মানুহ
(4) বিধান সভাৰ এজন পুৰনি সদস্য
110. গদ্যাংশটোৰ প্ৰসংগত 'ভেটি' শব্দটোৰ সমার্থসূচক শব্দ এটা হৈছে
(1) মাটি
(2) ভাৰ
(3) আধাৰ ৱা মূল
(4) উপটোকন
111. ব্রেঞ্জামিন ফেংক্লিন ক'ৰ বিধান সভাৰ সচিব আছিল?
(1) যু.এ.ই.-ৰ
(2) ইংলেণ্ডৰ
(3) স্কটলেণ্ডৰ
(4) যু.এচ.এ.-ৰ
112. গদ্যাংশটোৰত ব্যৱহৃত 'লাহে-লাহে', 'নতুন-নতুন' আদি হৈছে .......... ৰ উদাহৰণ।
(1) যুৰীয়া শব্দ
(2) পুনৰক্তি
(3) পুনৰুক্ত বদভ্যাস
(4) পৰসৰ্গ
113. ব্রেঞ্জামিন ফেংক্লিন কেইবাৰ বিধান সভাৰ সচিব পদত অধিষ্ঠিত হোৱাৰ উল্লেখ কৰা হৈছে?
(1) তেঁও সচিব নহয়, বৰঞ্চ সন্মানীয় সদস্য পদতহে অধিষ্ঠিত আছিল
(2) এবাৰ
(3) দুবাৰ
(4) কেইবাবাৰো
114. বিধান সভাৰ সদস্য এজনে তেঁওৰ বিৰোধিতা কৰাটো ব্রেঞ্জামিনে কিয় সহজভারে লোৱা নাছিল। কাৰণ,
(1) সদস্যজন অধ্যয়শীল আৰু প্ৰভাৱশালী ব্যক্তি আছিল।
(2) সেয়া তেঁওৰ স্বভাৱ বিৰুদ্ধ আছিল।
(3) তেঁও সকলোৰে প্রিয়ভাজন আৰু শ্ৰদ্ধাৰ পাত্র হৈ থাকিব বিচাৰিছিল।
(4) সদস্যজনে ভৱিষ্যতে কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে বুলি তেঁও ভাবিছিল।
অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class
YouTube : Assam TET Academy
CTET 2025 Paper 2 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics & Science | Click | |
| 3 | Social Studies | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
নির্দেশ : তলৰ পদ্যাংশ পঢ়ি তাৰ তলত দিয়া প্রশ্নসমূহৰ (প্রশ্ন নং 115ৰ পৰা 120লৈ) আটাইতকৈ উপযুক্ত উত্তৰটো নিৰ্বাচন কৰাঁ।
সৌ যে দেখিছা দূৰ দূৰণিৰ
মৰুৰ দাঁতিত এখনি পাম,
সেউজীয়া পছ লতাই বেৰিছে
সেয়ে মোৰ চিৰ পৱিত্র ধাম।
ৰজা প্রজা তাত সকলো সমান
নাই বাদচাৰ গজনী পুৰ,
তাতে বহি আমি আকাশ তলত
নীল অসীমত মিলাম সুৰ।
সেই নিৰলাত থাকিম নিজানে
কাষত তোমাৰ মধুৰ গান,
ৰুটি এটুকুৰা সুৰাৰ পিয়লা
কবিতা কুঁৱৰী আকুল প্রাণ।
সি সুৰ পুৰীৰ এয়েই সপোন
এয়ে হৃদয়ৰ বাসনা মোৰ,
মৰুৰ মাজত নামিব সৰগ
জীৱন যাতনা পৰিব ওৰ ।
115. মৰুৰ দাঁতিত থকা পামখন কেনেকুৱা ?
(1) নীল-সেউজীয়া
(2) শুকান আৰু বালিময়
(3) সেউজীয়া গছ-লতাৰে বেৰা
(4) মৰুভূমিৰ উম্মতাৰে ভৰা
116. "ৰজা প্রজা তাত সকলো সমান নাই বাদচাৰ গজনী পুৰ"
- উদ্ধৃত পংক্তিটোৰ ৰেখাংকিত শব্দটোৰ অৰ্থ হৈছে।
(1) মৰুদ্যান
(2) ৰজা
(3) প্রজা
(4) হস্তী
117. কবিয়ে থাকিব খোজা নিৰলাত কবিৰ কাষত কিছুমান বস্তু থকাৰ কল্পনা কৰিছে। তলত দিয়া কোনটোৰ কথা কবিয়ে কল্পনা কৰা নাই?
(1) বিলাসী খাদ্যসম্ভাৰ
(2) মদিৰাৰ পিয়লা
(3) এটুকুৰা কটি
(4) প্রিয়তমাৰ সমধুৰ গান
118. উদ্ধৃত পদ্যাংশৰ আদিৰ পৰা অন্তলৈকে ........... ৰ প্ৰয়োগ স্পষ্ট।
(1) চিত্রকল্প
(2) অনুপ্রাস
(3) উপমা
(4) প্রতীক
119. পদ্যাংশটিত উল্লেখ থকা 'পাম'খন ক'ত আছিল?
(1) 'বাদচাৰ গজনী পুৰ'ত
(2) মৰুভূমিৰ কাষত
(3) মৰুভূমিৰ মাজত
(4) কবিৰ কল্পনাত
120. 'সি সুৰ পুৰীৰ এয়েই সপোন এয়ে হৃদয়ৰ বাসনা মোৰ।"
- উদ্ধৃত পংক্তিটোৰ ৰেখাংকিত শব্দটোৰ অৰ্থ হৈছে।
(1) দেৱলোক
(2) সুৰাৰ পিয়না য'ত থাকে, তেনে স্থান
(3) মৰুৰ মাজৰ মৰীচিকা
(4) মৰুদ্যান
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Dec 2024 | Click Here |
| CTET PYQ | Click Here |
PART - V
Language - II : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - II (Language - II) হিচাপে লৈছে, তেনেহ'লে Part - V ৰ (প্রশ্ন নং 121 ৰ পৰা 150 লৈ) উত্তৰ কৰিব।
নির্দেশ : তলত দিয়া ৰছনাখন্ড পঢ়ি তাৰ তলত দিয়া প্রশ্ন সমূহৰ (প্রশ্ন নং 121ৰ পৰা 127) আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিওৱাঁ।
কাৰ্বি আংলং জিলাৰ সদৰ ঠাই ডিফুলৈ যোৰহাটৰপৰা গোলাঘাট হৈয়ো যাব পাৰি, নগাঁও হৈয়ো যাব পাৰি। কিন্তু তুলনামূলকভাৱে যিহেতু গোলাঘাটেদি গ'লে যোৰহাটৰপৰা বেছি ওচৰ, গতিকে মই চমু পথটোকে বাছি গলো। উল্লেখযোগ্য যে মই যিদিনাখন ডিফুলৈ গৈছিলো সেই দিনটো আছিল ২ ছেপ্তেম্বৰ, শুকুৰবাৰ। সেইদিনাখন যোৰহাট নগৰৰপৰা ৰাতিপুৱা ডিফুলৈ যোৱা একমাত্র বাছগাড়ীখনত উঠি মোৰ যাত্ৰা আৰম্ভ কৰিলো। অৱশ্যে এবাৰ নিজৰ গাড়ীখনকে লৈ যাওঁ, নেকি বুলিও মনত ভাবিছিলো। কিন্তু যিহেতু কার্বি আংলং আৰু ডিফুলৈ মই আগতে গৈ পোৱা নাই, তাতে আকৌ পাহাৰ-জংগল কিমানবা পাৰ কৰিবলগীয়া হয়। সেই কথাও মোৰ অবিদিত, গতিকে অৱশেষত বাছত যোৱাটোকে ঠিক কৰিছিলো।
আমি গৈ থকা বাছখনে নির্দিষ্ট এটা গতিবেগত দেৰগাঁও হৈ গৈ প্রায় এঘণ্টাৰ মূৰত গোলাঘাট পালেহি। গোলাঘাট নগৰৰ বাট-পথবিলাক দেখাত আগতকৈ ছাফা, আহল-বহল আৰু উন্নত হৈছে। হয়তো গড়কাপ্টানি মন্ত্রী গোলাঘাট সমষ্টিৰ হোৱা বাবে এই পুৰণা নগৰখনে আজি অত বছৰৰ মুৰত এক নতুন মুখৰ মাত্ৰা লাভ কৰিছে। তেনেকৈ ধনশিৰি দলং পাৰ হৈ ৰঙাজানৰপৰা ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি মূৰফুলনিৰ ওচৰৰ নামবৰ হাবিত সোমাওঁতেও ভাব হ'ল যেন এই ৰাষ্ট্ৰীয় অভয়াৰণ্যখনেও আগতকৈ চকুত লগা ধৰণে ইয়াৰ ঘনত্ব, প্রাকৃতিক সৌন্দর্য, জৈৱবৈচিত্র্য আৰু চিৰসেউজীয়া বৰ্ষাৰণ্যৰ ৰূপ বৃদ্ধি কৰিছে। ইয়াত - ৰাষ্ট্ৰীয় অভয়াৰণ্য কাজিৰঙা আৰু দৈয়াং ৰিজাৰ্ভৰপৰা অহা বিভিন্ন পৰিভ্ৰমী চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ অহা-যোৱা মন কৰিবলগীয়া। বিশেষকৈ বনগৰুৰ (মেঠোন নহয়) উপস্থিতি নামবৰ হাবিৰ উল্লেখযোগ্য এটা বিশেষত্ব। নামবৰ হাবিৰ মাজতে অসমৰ বিখ্যাত গৰমপানীৰ উহ আছে। গৰমপানী নৈৰ দলংখন পাৰ হৈয়ে আমি উহটোলৈ বুলি আলিৰ সোঁপিনে চকু দিলো। তাৰ পাছত লাহে লাহে আৰু ক্রমে ক্রমে আলিবাটটো ওখ হৈ গৈ শিলনিজানৰ ওচৰত চেগুন গছৰ এটা ডাঙৰ এলেকা দেখা পালো।
আমাৰ গাড়ী শিলনিজানত অলপ ৰৈ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি দক্ষিণলৈ অর্থাৎ বোকাজান-ডিমাপুৰৰ পিনে গৈ থাকিল। বৰপথাৰ, দেওপানী, বালিপথাৰ আদি পাৰ হৈ সৰিয়হজানেদি পশ্চিমলৈ ঘুৰি এইবাৰ এটা জিলা ঘাইপথেদি গাড়ী ডিফু অভিমুখে যাত্রা কৰিলে। সৰিয়হজানৰ তিনিআলিটোত লিখা আছিল, সেই ঠাইৰপৰা ছিমেন্ট কাৰখানা থকা বোকাজানলৈ পাঁচ কিল'মিটাৰ আৰু নগাপাহাৰৰ মূখ্য দুৱাৰ ডিমাপুৰলৈ বিছ কিল'মিটাৰ ডিফু অভিমুখী আলিবাটটোৰ দীঘে দীঘে আমি প্রথমে দেখা পাইছিলো হিদিপী বোলা এটা বৃহৎ এলেকা, য'ত জনবসতি বৰ সেৰেঙা। আলিৰ কাষে কাষে এটা চুবুৰিত এটা বা দুাট জুপুৰি ঘৰ, ক'ৰবাত তিনিটাৰপৰা চাৰিটা। সেউজীয়া ঘন হাবিৰে ভৰা অঞ্চলটোত মাজে মাজে টিলাবোৰৰ ওপৰত একো একোটা আসাম টাইপৰ ঘৰ দেখা পোৱা যায়। তাৰ পাছত আৰু প্ৰায় ৪০ কিল'মিটাৰ যোৱাৰ পাছত ডিল্লাই পালো। সেই ডিল্লাইতে জিলা ঘাইপথটো নগাঁৱৰপৰা ডিমাপুৰলৈ যোৱা ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত মিলিত হৈছে।
নামবৰ হাবিৰ ওচৰৰপৰা আৰম্ভ হোৱা পূবা-পশ্চিমামুখী পাহাৰটো ডিল্লাইৰ ওচৰৰপৰাই উত্তৰলৈ কিছুদুৰ গৈ আকৌ পশ্চিমলৈ আগবাঢ়িছে। আমি সেই ঠাইৰপৰাই ৰাষ্ট্ৰীয় ঘাইপথটোৱেদি উত্তৰ-পশ্চিম অভিমুখে আগবাঢ়ি মাঞ্জাত উপনীত হ'লো। তাত নগাঁৱৰপৰা ডিমাপুৰলৈ যোৱা ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত ডিফুলৈ যোৱা দক্ষিণ-পশ্চিমমুখী ৰাজ্যিক ঘাইপথটো মিলিত হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে মাঞ্জা কার্বি আংলং জিলাৰ উজ্জ্বল সম্ভাৱনা থকা এখন উন্নয়নশীল নগৰ। ডিফু, বোকাজান, শিলনিজান, বকলীয়া, তাৰালাংচু, ডবকা, হামৰেন আদিৰ পিছতে হয়তো বর্তমান ইয়াৰ স্থান। নগৰখনত বৰ বেছি বহুমহলীয়া অট্টালিকা নাথাকিলেও ইয়াৰ দীঘ-প্ৰন্থ আৰু নির্মীয়মান অট্টালিকাবোৰে লোকদৃষ্টিত ইয়াৰ ভৱিষ্যতৰ সম্ভাৱনা উজ্জ্বলাই তুলিছে। ইয়াত প্রাথমিকভাৱে মানুহৰ প্রয়োজনীয় সকলো সামগ্রীয়েই বর্তমান। এই মাঞ্জা নগৰত কিছু সময় ৰোৱাৰ পাছত আমাৰ গাড়ীখন দক্ষিণ-পশ্চিমমুখী ৰাজ্যিক ঘাইপথেদি প্রায় ২০ কিল'মিটাৰ গৈ আমাৰ গন্তব্যস্থান ডিফু নগৰত প্রবেশ কৰিলে।
121. অসমৰ বিখ্যাত গৰমপানীৰ উঁহটো ক'ত আছে?
(1) ধনশিৰি দলঙৰ পাৰত
(2) কাজিৰঙাৰ হাবিৰ মাজত
(3) নামবৰ হাবিৰ মাজত
(4) দৈয়াং ৰিজাৰ্ভৰ মাজত
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
122. কাৰ্বি আংলঙলৈ যাবৰ কাৰণে লেখকে কোনটো পথ বাছি লৈছিল?
(1) গোলাঘাট হৈ যোৱা পথটো
(2) দুর্গম, কিন্তু প্রাকৃতিক সৌন্দৰ্যৰে ভৰা পথটো
(3) নগাঁও হৈ যোৱা পথটো
(4) ৬২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো
123. গন্তব্যস্থানত প্ৰৱেশ কৰাৰ আগতে লেখক গৈ থকা গাড়ীখন ক'ত ৰৈছিল?
(1) হামৰেনত
(2) মাঞ্জাত
(3) ডিফুত
(4) বকলীয়াঘাটত
124. হিদিপী অঞ্চলৰ বিষয়ে তলত দিয়া মন্তব্যকেইটাৰ কোনটো অশুদ্ধ?
(1) এই অঞ্চলটোত মাজে মাজে টিলাবোৰৰ ওপৰত একো একোটা আসাম টাইপৰ ঘৰ আছে।
(2) এই অঞ্চলটোৰ জনবসতি ঘন।
(3) এই অঞ্চলটোৰ জনবসতি বৰ সেৰেঙা।
(4) এই অঞ্চলটো সেউজীয়া ঘন। হাবিবে ভৰা।
125. ৰছনাখণ্ডত উল্লেখ থকা পাহাৰ-জংঘল, বাটি-পথ আদি শব্দবোৰ কেনেধৰণৰ শব্দত উদাহৰণ?
(1) তদ্ভৱ শব্দ
(2) ধ্বন্যাত্মক শব্দ
(3) যুৰীয়া শব্দ
(4) জতুৱা শব্দ
126. কোন ঠাইৰ পৰা বোকাজাননৈ পাঁচ কিল'মিটাৰ আৰু ডিমাপুৰলৈ বিছ কিল'মিটাৰ বুলি উল্লেখ আছিল?
(1) সৰিয়হজান
(2) শিলনিজান
(3) ডিল্লাই
(4) ডিফু
127. "...... জিলা ঘাইপথটো নগাঁৱৰপৰা ডিমাপুৰলৈ যোৱা ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত মিলিত হৈছে।"
- উদ্ধৃত বাক্যটোত পথটো কোন ঠাইত মিলিত হোৱা বুলি উল্লেখ কৰা হৈছে?
(1) ডিল্লাই
(2) শিলনিজান
(3) হিদিপী
(4) বোকাজান
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |
নির্দেশ : তলত দিয়া ৰচনাখণ্ড পঢ়ি (প্রশ্ন নং 128ৰ পৰা 135লৈ) তাৰ তলত দিয়া বৈকল্পিক উত্তৰৰ প্রশ্নসমূহৰ আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিওৱা।
জ্ঞান আহৰণ কৰি আমি যদি তাক জমা কৰি ৰাখিব নোৱাৰোঁ, তেন্তে সেই জ্ঞান আমাৰ কোনো কামত নালাগে। আমি খেতি কৰি শস্য চপাই ভঁৰালত জমা কৰি ৰাখোঁ কাৰণেহে গোটেই বছৰ জুৰি আমি ভঁৰালৰ ভাত খাব পাৰোঁ। জমা কৰি ৰখাৰ ব্যৱস্থা নোহোৱা হ'লে শস্যবোৰ অবাবতে নষ্টহে হ'লহেঁতেন। জ্ঞানৰ ক্ষেত্ৰতো সেই একে কথাই খাটে। আমি জ্ঞান আহৰণ কৰাৰ কিছু দিনৰ পিছত বা লগে লগে তাক পাহৰি যোৱা হ'লে উন্নতিৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিবলৈ আমাৰ হাতত একো অৱশিষ্ট নাথাকিলেহেঁতেন আৰু অমিও বিৱৰ্তনৰ এটা পর্যায়ত উপনীত হৈ ইতৰ প্ৰাণীৰ নিচিনাকৈ তাতেই চিৰকাললৈ থমকি ৰৈ গ'লোঁহেঁতেন।
মানুহৰ মস্তিষ্ক আন সকলো প্ৰাণীৰ মস্তিষ্কতকৈ অনেকগুণে উন্নত আৰু সেই মস্তিষ্কৰ সহায়েৰে আমি বহুত কথা মনত ৰাখিব পাৰোঁ। মানুহৰ মস্তিষ্কৰ মনত ৰখাৰ শক্তি কেনে বিস্ময়কৰ সেই কথা বুজাবলৈ মাত্র এটা কথা ক'লেই যথেষ্ট হ'ব। এজন মানুহ যদি সত্তৰ বছৰ জীয়াই থাকে তেন্তে তেওঁৰ মস্তিষ্কই সেই সময়ছোৱাৰ ভিতৰত ১৫০ কোটি বিভিন্ন তথ্য সঞ্চয় আৰু সংৰক্ষণ কৰিবলৈ সমর্থ হয়। অৱশ্যে চেষ্টা বা সাধনাৰ অভাৱত সকলো মানুহেই নিজৰ মস্তিষ্কৰ এই অবিশ্বাস্য স্মৃতি-শক্তিৰ এটা সামান্য অংশৰো সদ্ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু এই কথা যদি ধৰিও লোৱা হয় যে সকলো মানুহেই নিজৰ স্মৃতি-শক্তিৰ পৰিপূৰ্ণ বিকাশ ঘটাব পাৰে আৰু তাৰ সহায়েৰে অসংখ্য কথা মনত ৰাখিব পাৰে, তেতিয়াহলেও কেৱল মস্তিষ্কৰ স্মৃতি-শক্তিৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ পক্ষে জ্ঞান-ভাণ্ডাৰ গঢ়ি তোলা সম্ভৱ নহয়।
কিয় সম্ভৱ নহয় তাৰ কাৰণটো নিহিত হৈ আছে। মানুহৰ শৰীৰৰ মাজতে। আমি জানো যে এটা নির্দিষ্ট সময়লৈকে মানুহ তথা সকলো প্ৰাণীৰে শৰীৰৰ বৃদ্ধি ঘটে, কিন্তু পূর্ণতা-প্রাপ্ত হোৱাৰ পাছত প্ৰকৃতিৰ অমোঘ নিয়ম অনুযায়ী জীৱ-দেহ ক্ষয়-প্রাপ্ত হ'বলৈ আৰম্ভ কৰে আৰু এটা সময়ত তাৰ শেষ পৰিণতি ঘটে মৃত্যুৰ মাজত। মস্তিষ্কও শৰীৰৰ এটা অংশ মাত্র। সমস্ত শৰীৰৰ লগতে মস্তিষ্কৰো ক্ৰমাৎ ক্ষয় হ'বলৈ ধৰে আৰু তাৰ ফলত বার্ধক্য আৰম্ভ হোৱাৰ লগে লগে মানুহৰ স্মৃতি-শক্তি হ্রাস পাবলৈ আৰম্ভ কৰে। বুঢ়া বয়সত মানুহৰ মস্তিষ্কই কেনেকুৱা ৰূপ লয় সেই কথা বুজিবলৈ এজন ডেকা ল'ৰাৰ গাৰ ছালৰ লগত এজন বুঢ়া মানুহৰ গাৰ ছাল তুলনা কৰি চালেই হয়। বয়স বঢ়াৰ লগে লগে মানুহৰ মস্তিষ্ক শুকাবলৈ ধৰে। শুকাই শুকাই সি সৰু হয়, তাৰ ওজনো ভালেখিনি কমি যায়। মস্তিষ্কৰ উপৰিভাগ চোতাল এখনৰ নিচিনা সমান নহয়; বৰং সি এলানি পৰ্বতৰ নিচিনা খলা-বমা। বুঢ়া বয়সত এই খলা-বমাবোৰ নৈৰ বালিগৰা খহাৰ দৰে খহি ইটোৱে সিটোৰ গাৰ ওপৰত পৰি সমান হ'বলৈ আৰম্ভ কৰে।
128. মানৱ মস্তিষ্কৰ ওপৰৰখিনিৰ গঠন কেনেকুৱা
(1) শুষ্ক আৰু কম ওজনৰ
(2) চোতাল এখনৰ দৰে মস্ত্প আৰু সমান
(3) ওখ-চাপৰ, খলা-বমা
(4) বালিচহীয়া
129. মানুহে কি নকৰাহ'লে বিৱৰ্তনৰ এটা পর্যায়ত উপনীত হৈ ইতৰ প্ৰাণীৰ দৰে চিৰকাল তাতে থমকি ৰৈ গ'লহেঁতেন?
(1) আর্জিত জ্ঞান সঞ্চয় নকৰাহ'লে
(2) শস্য জমা কৰিব নজনাহ'লে
(3) চিকাৰ কৰি সংগ্ৰহ কৰি নৰখাহ'লে
(4) প্ৰজননৰ জৰিয়তে বংশবৃদ্ধি নকৰাহ'লে
130. "জমা কৰি ৰখাৰ ব্যৱস্থা নোহোৱাহ'লে শস্যবোৰ অবাবতে নষ্টহে হ'লহেতেঁন।"
- উদ্ধৃত বাক্যটোৰ কাল নিৰ্ণয় কৰাঁ।
(1) স্বৰূপ বর্তমান
(2) ভৱিষ্যৎ
(3) নিত্য বর্তমান
(4) সম্ভাব্য ভূত

131. মানুহে নিজৰ স্মৃতিশক্তিৰ সম্পূৰ্ণৰূপে দূৰৰে কথা, এক সামান্য অংশৰো সদ্ব্যৱহাৰ কিয় কৰিব নোৱাৰে?
(1) সকলো নিজৰ স্মৃতিশক্তিৰ বিষয়ে জ্ঞাত নহয় কাৰণে
(2) নিজৰ অধ্যৱসায়ৰ অভাৱত
(3) সুযোগৰ আৰু পৰিৱেশৰ অভাৱত
(4) মানৱ জীৱন হ্রস্ব হোৱাৰ কাৰণে
132. 'বৃদ্ধি' শব্দটোৰ বিপৰীতার্থক শব্দটো হৈছে -
(1) বর্ধন
(2) হ্রস্ব
(3) হ্রাস
(4) পূর্ণতা-প্রাপ্তি
133. তিনিকুৰি দহ বছৰ জীয়াই থকা বুলি ধৰি নোৱা মানুহ এজনৰ মস্তিষ্কই কিমান তথ্য সঞ্চয় আৰু সংৰক্ষণ কৰিবলৈ সক্ষম হয়?
(1) তিনিকুৰি দহ কোটি
(2) আঢ়ৈশ কোটি
(3) দেৰশ কোটি
(4) পঞ্চাশ কোটি
134. বয়স বৃদ্ধিৰ লগে লগে মানৱ মস্তিষ্কৰ বিভিন্ন পৰিৱৰ্তন হয়। তলত দিয়া কোনটো এনে পৰিৱৰ্তনৰ অংশ নহয়?
(1) ওজনত কম হয়
(2) আকাৰ সৰু হৈ পৰে
(3) খলা-বমা হৈ পৰে
(4) উপৰিভাগ সমান হ'বলৈ ধৰে
135. উক্তি (A) : মানর মস্তিষ্কৰ স্মৃতিশক্তি অবিশ্বাস্য ধৰণে উন্নত।
যুক্তি (R) : কেৱল মস্তিস্কৰ স্মৃতিশক্তিৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ পক্ষে জ্ঞান ভাণ্ডাৰ গঢ়ি তোলা সম্ভৱ নহয়।
- উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ।
(1) (A) অশুদ্ধ, (R) শুদ্ধ
(2) (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা।
(3) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়।
(4) (A) শুদ্ধ, (R) অশুদ্ধ।
136. কমবয়সীয়া শিকাৰুৰ কাৰনে পাঠ প্রস্তুত কৰোতে শিক্ষকে 'সম্পূর্ণ শাৰীৰিক সঁহাৰি' পদ্ধতিত গুৰুত্ব দিছে। এইক্ষেত্রত শিক্ষকজনে
(1) কাৰ্যবোৰ একাষৰীয়া কৰি থৈ প্রশ্ন সোধা উচিত আৰু উত্তৰ দিৰলৈ উৎসাহ দিয়া উচিত
(2) শ্ৰেণীকোঠাত শাৰীৰিক কাৰ্য কিছুমান অন্তর্ভুক্ত কৰাটো নিশ্চিত কৰা উচিত
(3) ছাত্র - ছাত্রীবোৰে নিজৰ স্থানত বহি থাকি। যুটীয়াভাবে বা সামূহিকভাবে কৰিব পৰা কার্য কিছমান ৰাখিব লাগিব
(4) শ্ৰেণীকোঠাত শ্ৰৱন কার্য কিছুমান ৰাখিবই লাগিব
137. কোনো এটা ভাষাৰ ব্যাকৰণ শিকা হৈছে ভাষাটোৰ নিয়মবোৰ শিকা - তলত দিয়া কোনটো অভিগমে এই উক্তিটো সমর্থন কৰে
(1) ব্যাকৰণ - অনুবাদ
(2) নিগম (Deductive)
(3) আগম (Inductive)
(4) যোগাযোগমূলক
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
138. এগৰাকী শিক্ষকে পঞ্চমমানৰ ছাত্র - ছাত্রীক মুক্ত লিখন কার্য এটা দিব বিচাৰিছে। এই ক্ষেত্রত তেঁও কোনটোত গুৰুত্ব দিয়া উচিত
(1) ভাল হস্তাক্ষৰ
(2) বিষয়বস্তুৰ সঠিকতা
(3) বিষয়বস্তুৰ সাৱলীলতা
(4) সাৱলীলতা আৰু সঠিকতা দুয়োটা
139. অধোমুখী (Top-down) অভিগমৰ অৰ্থ হৈছে। 'সামগ্রিক অর্থ সামৰি লোৱা । এতিয়া, উর্দ্ধমুখী (Bottom-up) অভিগমৰ অৰ্থ হৈছে
(1) চমু উত্তৰৰ প্ৰশ্ন সোধাত গুৰুত্ব দিয়া
(2) পাঠটোৰ সাৰমৰ্মত গুৰুত্ব দিয়া আৰু ধাৰণৰ আহৰণ কৰাত গুৰুত্ব দিয়া
(3) পূর্ব - পঠনত গুৰুত্ব দিয়া
(4) পাঠটোৰ শব্দ আৰু বাক্যাংশবোৰত গুৰুত্ব দিয়া
140. তলত উল্লেখ কৰা কোনটো ভাষাৰ শিক্ষক এগৰাকীৰ মুখ্য দ্বায়িত্ব
(1) শিক্ষার্থীক নির্দেশ দিয়া
(2) শিক্ষাৰ্থীৰ যোগাযোগমূলক প্রয়োজনসমূহ চিহ্নিত কৰা
(3) শিক্ষনৰ কাৰণে উপযুক্ত বিষয় নির্বাচন কৰা
(4) বিভিন্ন শ্রেণীত শিক্ষার্থীসকলক গোটত বিভক্ত কৰা
141. এটি কণমানি শিশুরে কিতাপ এখন তুলি লৈ পাত লুটিয়াবলৈ ধৰিছে। এই কার্যটো হৈছে
(1) উদ্দামী সমাধান দক্ষতা
(2) উদী ঘ্রান বা উদ্দামী সাক্ষৰ দক্ষতা
(3) উদ্দামী পাঠ্যক্রম
(4) উদ্দামী প্রকৃতি বা নিহিত গুণ
142. উক্তি (A): জন্মগতভাবে বা জিনীয়ভাবে নির্ধাৰিত বাবেই শিকাৰুৱে ভাষা শিকে আৰু পৰিৱেশে এইক্ষেত্ৰত কোনো ভূমিকা পালন নকৰে
যুক্তি (R): শিকাৰুকেন্দ্রীক শ্ৰেণীকোঠাৰ পৰিৱেশে ভাষাৰ আহৰণত বিস্তৰ প্রভাৱ পেলায়
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ
(1) (A) অশুদ্ধ, (R) শুদ্ধ
(2) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
(3) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R). (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
(4) (A) শুদ্ধ, (R) অশুদ্ধ
143. যি প্রসংগত শব্দ এটা ব্যৱহৃত হয় তাৰে পৰা শব্দটোৰ অৰ্থ অনুমান কৰাৰ পঠনৰ ধৰণটো হৈছে
(1) গঠনাত্মক পদ্ধতি
(2) যোগাযোগমূলক পদ্ধতি
(3) উর্দ্ধগামী পদ্ধতি
(4) সামগ্রিক ভাষা পদ্ধতি
144. ভাষাৰ বিষয়ে চিন্তা কৰা আৰু ক'ব পৰাৰ সামর্থটো হৈছে
(1) ধাতুভাষিক সামর্থ
(2) ধ্বনিতাত্ত্বিক সজাগতা
(3) সুদক্ষ কথক
(4) উদ্দামী সাক্ষৰতা
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
145. দ্বিতীয় মানত পঢ়ি থকা শিশু প্ৰতিৰ মাকে শিক্ষকক কৈছে যে শিশুটিয়ে কেতিয়াবা আগতে কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নুশুনা কথা কিছুমান কৈ দিয়ে। এয়া কেনেকৈ সম্ভর হয়? মাক গৰাকীক শিক্ষক। গৰাকীয়ে দিয়া শুদ্ধ উত্তৰটো হ'ব
(1) সৈদ্ধান্তিক অভিগম বা পদ্ধতি অনুসৰি, শিশুৰে নতুন ভাষা আৱিষ্কাৰ কৰিব পাৰে
(2) ডাঙৰক অনুকৰণ কৰিয়েই শিশুৱে ভাষা শিকে
(3) মানৱ মস্তিষ্ক ভাষা শিকাৰ উপযোগীকে জন্মগতভাবেই সজ্জিত হয়
(4) শিশু এটিৰ ভাষাৰ বিকাশ সবলীকৰণ কৰিলে শিশুটিয়ে ভাষা শিকে
146. ডাঙৰ এগৰাকীয়ে শিশু এটিৰ সৈতে কিতাপ এখন লৈ একেলগে বহি কিতাপখনৰ পৰা শিশুটিক প্রশ্ন কৰিছে আৰু তাৰ পাছত একেটা কাম শিশুটিক কৰিবলৈ দিছে। প্ৰাৰম্ভিক সাক্ষৰতাক উৎসাহী কৰা এই কৌশলটো হৈছে
(1) সাধু কথন
(2) আদর্শ, পঠন
(৪) অংশীদাৰী তথা ভাগ বটোৱাৰা পঠন
(4) বচনকেন্দ্রিক পঠন
147. ভাষাৰ এগৰাকী শিক্ষকে শিকাৰুৰ শ্ৰৱণ দক্ষতা কেনেদৰে বৃদ্ধি কৰিব পাৰে
(1) পৰোক্ষভাৱে বা নিষ্ক্রিয়ৰূপে শুনা সকলোবোৰ শুনিবলৈ দি
(2) শ্ৰেণীকোঠাৰ বাহিৰে - ভিতৰে অনবৰতে ছাত্ৰ - ছাত্ৰীৰ সৈতে কথা পাত
(3) ভাষা শিকাৰ অন্য দক্ষতাবোৰত গুৰুত্ব আৰোপ নকৰি কেৱল শ্ৰৱণ শিকাত গুৰুত্ব দি
(4) বিভিন্ন উৎস আৰু মানুহৰ পৰা ভাষাটো শুনাৰ সুবিধা কৰি দি শ্ৰৱণ কাৰ্য কিছমানত ছাত্ৰ - ছাত্ৰীৰ জড়িত কৰোবাৰ দ্বাৰা
148. উক্তি (A): প্ৰাৰম্ভিক পৰ্যায়ত ভাষাৰ সঠিকতা আটাইতকৈ গুৰুত্বপূর্ণ
যুক্তি (R): প্ৰাৰম্ভিক পৰ্যায়ৰ পাঠ্যক্ৰমত ব্যাকৰণৰ অন্তৰ্ভূতি অপৰিহাৰ্য
উদ্ধৃত উক্তি মাৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ
(1) (A) অশুদ্ধ, (R) শুদ্ধ
(2) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A) -ৰ সঠিক ব্যাখ্যা
(3) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়
(4) (A) শুদ্ধ, (R) অশুদ্ধ
149. ভাষাৰ প্ৰকৃতিৰ বিষয়ে তাত্ত্বিক স্থিতি আৰু বিশ্বাস, ভাষা শিকনৰ প্রকৃতি, আৰু এই দুয়োটাৰে শিক্ষা - পদ্ধতিগতভাবে প্রয়োগৰ সজ্জাই হৈছে
(1) কৌশল
(2) পাঠ্যসূচী
(৪) বিষয়বস্তু
(4) অভিগম বা পদ্ধতি
150. গঠনমূলক পৰীক্ষণ হৈছে
(1) পৰিৱৰ্তন সাপেক্ষ নহয়
(2) শিক্ষণ - শিকন প্রক্রিয়াটো সংঘটিত বোৰ
(৫) চলি থকা বিকাশ আৰু উন্নীতকৰণ (উন্নয়ন) ৰ লগত জড়িত
(4) বিষয় এটাৰ বা বেছি এটাৰ নির্দিষ্ট স্তৰ এটা সম্পন্ন কৰা
Study Materials
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class - 10 |
| Asaam TET-GT | Assam TET-PGT | Class - 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved